ছিকিমৰ নামচি জিলাৰ ঝোলুংগেৰ সমৰদঙত নিৰ্মাণৰত সুৰংগ মঙলবাৰে পুৱতি নিশা খহি পৰাৰ এক দুৰ্ঘটনা সংঘটিত হৈছে ৷ এই ঘটনাৰ ফলত সুৰংগৰ ভিতৰত আৱদ্ধ হৈ থকা শ্ৰমিকৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে ৷এতিয়াও এই সুৰংগটোত বহুতো শ্ৰমিক আৱদ্ধ হৈ আছে ৷ এই শ্ৰমিকসকলক উদ্ধাৰৰ বাবে অনুসন্ধান আৰু উদ্ধাৰ অভিযান চলি আছে । শেহতীয়া চৰকাৰী তথ্য অনুসৰি, জিলা প্ৰশাসনে ৮ জন লোকৰ মৃত্যু হোৱা বুলি জানিব দিছে ৷ পুৱাৰ ভাগত মৃতকৰ সংখ্যা ৭ আছিল ৷নামচি জিলাৰ জিলা উপায়ুক্ত অনুপা তামলিঙে পূৰ্বে উল্লেখ কৰিছিল, “প্ৰায় ২৭ জন শ্ৰমিক সুৰংগটোৰ ভিতৰত আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে । অৱশ্যে সুৰংগটোৰ ভিতৰৰ অৱস্থাৰ সম্পূৰ্ণ তথ্য এতিয়াও পোৱা হোৱা নাই, গতিকে প্ৰকৃত সংখ্যা নিশ্চিত কৰা হোৱা নাই ।”সোমবাৰে বিয়লি সমৰদঙৰ এটা সুৰংগৰ ভিতৰত গেছ নিৰ্গত হোৱা বুলি জানিব পৰা গৈছিল ৷ তাৰ পাছতে সুৰংগটোৰ ভিতৰত শ্ৰমিকসকল আৱদ্ধ হৈ পৰে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *