ভাৰতীয় পুৰুষ টি-২০ ক্ৰিকেট দলৰ নতুন অধিনায়ক হিচাপেদায়িত্ব অৰ্পণ কৰা হৈছে তাৰকা বেটাৰ শ্ৰেয়াছ আয়াৰক। ক্ৰিকেটৰ এই চুটি ফৰ্মেটত এক নতুন যুগৰ সূচনা কৰি ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বিচিচিআই) শনিবাৰে এই ডাঙৰ ঘোষণা কৰে। ব’ৰ্ডৰ সচিব দেৱজিৎ শইকীয়া আৰু মুখ্য নিৰ্বাচক অজিত আগৰকাৰে এক যুটীয়া বৈঠকত আয়াৰৰ নাম আনুষ্ঠানিকভাৱে প্ৰকাশ কৰে। দলৰ এই নেতৃত্বৰ পৰিৱৰ্তনৰ অংশ হিচাপে যুৱ বেটাৰ তিলক বাৰ্মাক উপ-অধিনায়ক হিচাপে নিৰ্বাচিত কৰা হৈছে। অহা ২৬ আৰু ২৮ জুনত বেলফাষ্টত অনুষ্ঠিত হ’বলগীয়া আয়াৰলেণ্ডৰ বিৰুদ্ধে দুখনীয়া টি-২০ শৃংখলাত বাৰ্মাই ভাৰতীয় দলটোক নেতৃত্ব প্ৰদান কৰিব। আনহাতে, অহা ১ জুলাইৰ পৰা ইংলেণ্ডৰ মাটিত আৰম্ভ হ’বলগীয়া ৫খনীয়া টি-২০ শৃংখলাৰ পৰা আয়াৰে পূৰ্ণকালীন অধিনায়ক হিচাপে নিজৰ কাৰ্যকাল আৰম্ভ কৰিব। বিচিচিআইৰ এই পদক্ষেপে ভাৰতীয় টী-২০ দলৰ গাঁথনিত এক ডাঙৰ পৰিৱৰ্তনৰ ইংগিত দিছে, যাৰ ফলত সূৰ্যকুমাৰ যাদৱে অধিনায়কৰ পদ হেৰুৱাবলগীয়া হৈছে। অলপতে দেশৰ মাটিত অনুষ্ঠিত হোৱা টি-২০ বিশ্বকাপত ভাৰতক চেম্পিয়ন কৰোৱাৰ পাছতো সূৰ্যকুমাৰ যাদৱক আয়াৰলেণ্ড আৰু ইংলেণ্ড দুয়োটা ভ্ৰমণৰ দলৰ পৰা বাদ দিয়া হৈছে। আনকি জাপানত অনুষ্ঠিত হ’বলগীয়া ২০২৬ চনৰ এচিয়ান গেমছৰ ভাৰতীয় দলটোতো তেওঁ স্থান লাভ কৰিবলৈ সক্ষম নহ’ল। শ্ৰেয়াছ আয়াৰে ২০২৩ চনৰ শেষৰ ফালৰ পৰা ভাৰতীয় টি-২০ দলত স্থান পোৱা নাছিল যদিও ঘৰুৱা আৰু ফ্ৰেঞ্চাইজি ক্ৰীড়াত তেওঁ দেখুওৱা নেতৃত্বৰ দক্ষতাই নিৰ্বাচকসকলক আকৰ্ষিত কৰা পৰিলক্ষিত হয়। বিভিন্ন দলক সফলতাৰে নেতৃত্ব দিয়াৰ অভিজ্ঞতা আৰু খেলপথাৰত প্ৰদৰ্শন কৰা ধাৰাবাহিকতাৰ বাবেই নিৰ্বাচকসকলে তেওঁৰ ওপৰত এই গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰাৰ সিদ্ধান্ত লয়। ভাৰতীয় ক্ৰিকেট দলৰ আগন্তুক আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাসমূহৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচকসকলে আয়াৰৰ নেতৃত্বৰ ওপৰত সম্পূৰ্ণ আস্থা প্ৰকট কৰিছে। Share this:FacebookX Related Post navigation মালাবাৰ গ্ৰুপৰ হাংগাৰ ফ্ৰী ৱৰ্ল্ড-এ দৈনিক আহাৰ গ্ৰহণৰ জৰিয়তে প্ৰদৰ্শন কৰিছে সামাজিক লাভ প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ভাৰতৰ বিৰুদ্ধে যিকোনো নিষেধাজ্ঞাৰ ভাবুকি বুমেৰাংহে হ’বঃ পুটিন