ৰেন’ ইণ্ডিয়াই নিজৰ আইকনিক এছইউভি-ৰ এক বিশেষ সংস্কৰণ ডাষ্টাৰ এডভেঞ্চাৰ এডিচন মুকলি কৰিছে, বাহনখনৰ এক্স-শ্ব’ৰুম মূল্য ১২.৯৯ লাখ টকাৰ পৰা আৰম্ভ হৈছে। মঙলবাৰে ঘোষণা কৰা অনুসৰি, ভাৰতৰ আটাইতকৈ জনপ্ৰিয় এছইউভিসমূহৰ অন্যতম ডাষ্টাৰৰ দুঃসাহসিক ভ্ৰমণৰ ঐতিহ্যক উদযাপন কৰাৰ উদ্দেশ্যে এই নতুন সংস্কৰণটো অনা হৈছে। কোম্পানীটোৰ সমগ্ৰ ভাৰততে এক মূল্য নীতিৰ অধীনত এই নতুন সংস্কৰণটো তিনিটা ভেৰিয়েণ্টত উপলব্ধ হ’ব— এডভেঞ্চাৰ টাৰ্বো টিচিই ১০০ এমটিৰ মূল্য ১২.৯৯ লাখ টকা, এডভেঞ্চাৰ টাৰ্বো টিচিই ১৬০ এমটিৰ মূল্য ১৩.৯৯ লাখ টকা আৰু এডভেঞ্চাৰ টাৰ্বো টিচিই ১৬০ ডিচিটিৰ মূল্য ১৫.৩৯ লাখ টকা। ফ্ৰান্সৰ ৰাষ্ট্ৰীয় দিৱস বাষ্টিল ডে’ৰ ক্ষণত ভাৰতস্থিত ফ্ৰান্সৰ ৰাষ্ট্ৰদূত থিয়েৰী মাঠু আৰু ৰেন’ গ্ৰুপ ইণ্ডিয়াৰ চিইঅ’ ষ্টিফেন ডেব্লেইছে বাহনখন উন্মোচন কৰে। ডেব্লেইছে এই বিষয়ে কয় যে ডাষ্টাৰ বাহনকন ভাৰতীয় গ্ৰাহকৰ অগণন যাত্ৰা আৰু চিৰস্থায়ী স্মৃতিৰ অংশ হৈ পৰিছে। তেওঁ লগতে কয় যে, এই এডভেঞ্চাৰ এডিচনে ডাষ্টাৰ ব্ৰেণ্ডটোৰ সৈতে মানুহৰ গভীৰ আৰু দীৰ্ঘদিনীয়া সংযোগক উদযাপন কৰিছে।

দুৰ্গম পথ অতিক্ৰম কৰাৰ ক্ষেত্ৰত এছইউভিখনৰ পূৰ্বৰে পৰা থকা সুনামৰ পৰা অনুপ্ৰাণিত হৈ এই সংস্কৰণটোত টপ’গ্ৰাফি ৰেখা আৰু লেহ-ৰ ভৌগোলিক স্থানাংকযুক্ত বিশেষ এডভেঞ্চাৰ ডেকাল ব্যৱহাৰ কৰা হৈছে। ইয়াৰ উপৰিও ইয়াত এডভেঞ্চাৰ এমবেলিচাৰ আৰু প্ৰিমিয়াম ফ্ল’ৰ মেট সংযোগ কৰা হৈছে। ডাষ্টাৰ এডভেঞ্চাৰ সংস্কৰণত টাৰ্বো চিটিই ১০০ এমটি, টাৰ্বো চিটিই ১৬০ এমটি আৰু টাৰ্বো চিটিই ১৬০ ডিচিটি ইঞ্জিনৰ বিকল্প আছে। ইয়াৰ মূল বৈশিষ্ট্যসমূহৰ ভিতৰত ফুল এলইডি হেডলেম্প, ইলেকট্ৰিক পেন’ৰেমিক ছানৰুফ, ইলেকট্ৰিক পাৱাৰ্ড টেইলগেট, মাই ৰেন’ এপৰ জৰিয়তে সংযোজিত বাহন সেৱা, অটোমেটিক ডুৱেল-জ’ন এয়াৰ কণ্ডিচন, ১০.১ ইঞ্চিৰ অপেনআৰ লিংক মাল্টিমিডিয়া চিষ্টেম আৰু ১৭ ইঞ্চিৰ অ’চেন এলয় হুইল আদি অন্যতম।

অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ধৰণৰ পথৰ পৰিস্থিতিৰ বাবে শক্তিশালী আৰু সকলো ধৰণৰ ৰাস্তাত চলিব পৰা বাহনৰ চাহিদা সদায় বেছি। সেয়েহে, গুৱাহাটী মহানগৰীত এই বাহনখনৰ মুকলিয়ে এছইউভি ক্ৰেতাসকলৰ মাজত ব্যাপক উৎসাহ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে। বিশেষকৈ যিসকল ক্ৰেতাই আধুনিক প্ৰযুক্তি আৰু এডভেঞ্চাৰ লুকযুক্ত প্ৰিমিয়াম সংপৃক্ত এছইউভি বিচাৰি আছে, সেইসকল ক্ৰেতাৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব এই নতুন ডাষ্টাৰ বাহনখন। ইয়াৰ ফলত গুৱাহাটীত থকা ৰেন’ৰ ডিলাৰশ্বিপসমূহ লাভান্বিত হোৱাৰ সম্ভাৱনা আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *