ৰাজনৈতিক প্ৰতীকৰ জৰিয়তে জনসাধাৰণৰ মাজত বাৰ্তা দিয়াৰ পৰম্পৰাৰ মাজতে এইবাৰ চৰ্চালৈ আহিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ এখন বিশেষ ছবি। ৰাহুল গান্ধীৰ ৫৬ সংখ্যক জন্মদিন উপলক্ষে বাৰাণসীৰ গংগা ঘাটত যুৱ কংগ্ৰেছ কৰ্মীয়ে প্ৰদৰ্শন কৰা পোষ্টাৰত তেওঁক ভগৱান পৰশুৰামৰ ৰূপত দেখুওৱা হৈছে।

পোষ্টাৰখনত ৰাহুল গান্ধীৰ এখন হাতত পৰশুৰামৰ কুঠাৰ আৰু আনখন হাতত ভাৰতীয় সংবিধানৰ প্ৰতিলিপি দেখুওৱা হৈছে। এই ছবিখনৰ জৰিয়তে ধৰ্মীয় পৰম্পৰা আৰু সাংবিধানিক মূল্যবোধক একেলগে উপস্থাপন কৰাৰ চেষ্টা কৰা হৈছে বুলি ৰাজনৈতিক মহলত চৰ্চা চলিছে।

বাৰাণসীৰ গংগা ঘাটত যুৱ কংগ্ৰেছ কৰ্মীয়ে ৰাহুল গান্ধীৰ জন্মদিন উপলক্ষে এই কাৰ্যসূচী গ্ৰহণ কৰে। তেওঁলোকে পোষ্টাৰখনত গংগাজল আৰু গাখীৰেৰে অভিষেক কৰাৰ লগতে কেক কাটি জন্মদিন উদযাপন কৰে।

কংগ্ৰেছ কৰ্মীসকলে ব্যৱহাৰ কৰা এই প্ৰতীকৰ সৈতে ব্ৰাহ্মণ সমাজ আৰু বৃহত্তৰ হিন্দু সাংস্কৃতিক পৰিসৰলৈ ৰাজনৈতিক বাৰ্তা দিয়াৰ চেষ্টা কৰা হৈছে বুলিও বিভিন্ন মহলে মত প্ৰকাশ কৰিছে। ভগৱান পৰশুৰামক সাধাৰণতে ন্যায় আৰু সাহসৰ প্ৰতীক হিচাপে গণ্য কৰা হয়।

ইফালে, ৰাহুল গান্ধীৰ হাতত সংবিধানৰ প্ৰতিলিপি দেখুওৱাৰ জৰিয়তে কংগ্ৰেছে পূৰ্বৰে পৰা উত্থাপন কৰি অহা ‘সংবিধান ৰক্ষা’ৰ বাৰ্তাকো পুনৰ আগুৱাই নিবলৈ চেষ্টা কৰিছে বুলি বিশ্লেষণ কৰা হৈছে।

উল্লেখ্য যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ সময়ছোৱাত ৰাহুল গান্ধীয়ে বিভিন্ন সভাত সংবিধানৰ প্ৰতিলিপি প্ৰদৰ্শন কৰি সাংবিধানিক অধিকাৰ আৰু সামাজিক ন্যায়ৰ বিষয়টো উত্থাপন কৰিছিল।

ৰাহুল গান্ধীক পৰশুৰামৰ ৰূপত উপস্থাপন কৰা এই পোষ্টাৰক লৈ সামাজিক মাধ্যমতো চৰ্চা আৰম্ভ হৈছে। একাংশই ইয়াক কংগ্ৰেছৰ নতুন সাংস্কৃতিক ৰাজনৈতিক কৌশলৰ অংশ বুলি মন্তব্য কৰিছে, আনহাতে আন একাংশই ইয়াক কেৱল জন্মদিন উপলক্ষে কৰ্মীসকলৰ প্ৰতীকী কাৰ্যসূচী হিচাপে দেখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *