ইউৰোপ ভ্ৰমণৰ মাজতে ছুইডেন চৰকাৰৰ সৰ্বোচ্চ সন্মানীয় অসামৰিক বঁটা লাভ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। দেশখনে ‘ৰয়েল অৰ্ডাৰ অৱ দ্য পোলাৰ ষ্টাৰ, কমাণ্ডাৰ গ্ৰ্যান্ড ক্ৰছ’ সন্মানেৰে বিভূষিত কৰা হৈছে প্ৰধানমন্ত্ৰীগৰাকীক। ছুইডেনৰ গোটেনবাৰ্গ চহৰত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত দেশখনৰ প্ৰধানমন্ত্ৰী উল্ফ ক্ৰিষ্টাৰছনৰ উপস্থিতিত সোমবাৰে এই সৰ্বোচ্চ ৰাজকীয় সন্মান অৰ্পণ কৰা হয়। আন্তঃৰাষ্ট্ৰীয় ৰাজনীতি আৰু কূটনীতিৰ ক্ষেত্ৰত ভাৰতৰ বাবে এয়া এক ডাঙৰ সফলতা হিচাপে বিবেচিত হৈছে। এই ঐতিহাসিক মূহূৰ্তৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয়, “এই আন্তঃৰাষ্ট্ৰীয় সন্মান কেৱল মোৰ ব্যক্তিগত প্ৰাপ্তি নহয়। এয়া হৈছে ভাৰতৰ ১৪০ কোটি জনসাধাৰণৰ বাবে এক অতি গৌৰৱৰ বিষয়।” এই বঁটাৰ জৰিয়তে ভাৰত আৰু ছুইডেনৰ ঐতিহাসিক বন্ধুত্ব তথা দ্বিপাক্ষিক সম্পৰ্ক অধিক সুদৃঢ় আৰু গভীৰ হ’ব বুলিও তেওঁ ভাষণত আশা প্ৰকাশ কৰে। উল্লেখ্য যে, প্ৰধানমন্ত্ৰী মোডীয়ে তেওঁৰ কাৰ্যকালৰ ভিতৰত লাভ কৰা এয়া হৈছে ৩১ সংখ্যক আন্তঃৰাষ্ট্ৰীয় সন্মান। এই ভ্ৰমণকালতে দুয়োখন দেশৰ প্ৰধানমন্ত্ৰীৰ মাজত এক উচ্চস্তৰীয় দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হোৱাৰ কথা জানিব পৰা গৈছে। বাণিজ্য, সেউজ শক্তি, কৃত্ৰিম বুদ্ধিমত্তা, প্ৰতিৰক্ষা আৰু জলবায়ু পৰিৱৰ্তনৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত হোৱা এই মন্থনে দুয়োখন দেশৰ সহযোগিতাক এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশা কৰা হৈছে। Share this:FacebookX Related Post navigation প্ৰধানমন্ত্ৰী মোদীয়ে বঁটা লাভৰ চেঞ্চুৰী কৰিব, কিন্তু দেশবাসীয়ে কি পালে? কেন্দ্ৰক তীব্ৰ কটাক্ষ সঞ্জয় ৰাউতৰ ২৩ বছৰ বয়সতে ব্ৰিটেইনত ইতিহাস ৰচনা; আটাইতকৈ কম বয়সীয়া ভাৰতীয় মূলৰ মেয়ৰ নিৰ্বাচিত তুষাৰ কুমাৰ