নিৰ্বাচনী যুঁজৰ মাজতে এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে একত্ৰিত হৈছে দেশৰ ৭০০ গৰাকী বিশিষ্ট নাগৰিক। ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণৰ নামত বিৰোধী পক্ষক ৰাজনৈতিক আক্ৰমণ কৰি নিৰ্বাচনী আচৰণ বিধি ভংগ কৰাৰ অভিযোগত সোমবাৰে নিৰ্বাচন আয়োগত দাখিল দেশৰ বিশিষ্ট নাগৰিকে দাখিল কৰে এক এক যুটীয়া অভিযোগপত্ৰ। যোৱা ১৮ এপ্ৰিলত চৰকাৰী মাধ্যমৰ জৰিয়তে প্ৰচাৰিত ভাষণক লৈ প্ৰাক্তন আমোলা, সমাজকৰ্মী আৰু শিক্ষাবিদসকলে গ্ৰহণ কৰা এই পদক্ষেপে এতিয়া শাসকীয় পক্ষৰ লগতে আয়োগকো অস্বস্তিত পেলাইছে।

প্ৰাক্তন আমোলা আৰু শিক্ষাবিদসহ ৭০০ বিশিষ্ট নাগৰিকে মোদীৰ এই কাৰ্যক চৰকাৰী যন্ত্ৰৰ চৰম অপব্যৱহাৰ বুলি অভিহিত কৰে। নিৰ্বাচন আয়োগক দিয়া পত্ৰখনত তেওঁলোকে কয়, “প্ৰধানমন্ত্ৰীৰ ভাষণ দূৰদৰ্শন আৰু অল ইণ্ডিয়া ৰেডিঅ’ৰ দৰে চৰকাৰী পুঁজিত পৰিচালিত মঞ্চত সম্প্ৰচাৰ কৰা হৈছিল। চৰকাৰী যন্ত্ৰ ব্যৱহাৰ কৰি এনেদৰে পক্ষপাতমূলক ৰাজনৈতিক প্ৰচাৰ চলোৱাটো নিৰ্বাচনী আচৰণ বিধিৰ চৰম উলংঘন।” উল্লেখ্য যে মহিলা সংৰক্ষণ বিধেয়কৰ সৈতে জড়িত সংবিধান সংশোধনী বিল খাৰিজ হোৱাৰ পাছতে মোদীয়ে ১৮ এপ্ৰিলত এই ভাষণ দিছিল।

প্ৰধানমন্ত্ৰীৰ এই ভাষণক লৈ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও তীব্ৰ আক্ৰমণ চলাইছে। শনিবাৰে হুগলীৰ তাৰকেশ্বৰত আয়োজিত এক নিৰ্বাচনী জনসভাত মমতা বেনাৰ্জীয়ে কয়, “প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ দলৰ স্বাৰ্থত ৰাষ্ট্ৰযন্ত্ৰৰ অপব্যৱহাৰ কৰি বেআইনী প্ৰচাৰ চলাইছে। মোদীয়ে সম্পূৰ্ণ পৰিকল্পিতভাৱে নিৰ্বাচনী আচৰণ বিধি ধূলিস্যাৎ কৰিছে আৰু ইয়াৰ বিৰুদ্ধে তৃণমূল কংগ্ৰেছে আয়োগৰ ওচৰত আপত্তি দৰ্শাব।” একেই সুৰতে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেও জনায় যে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণত মুঠ ৫৯ বাৰ কংগ্ৰেছৰ নাম লৈ আচৰণ বিধি উলংঘন কৰিছে।

ইফালে বিগত দেওবাৰে দুটা বাওঁপন্থী দলেও মুখ্য নিৰ্বাচন আয়ুক্তলৈ পত্ৰ লিখি এই ভাষণৰ বিৰোধিতা কৰে। পশ্চিমবংগ আৰু তামিলনাডুত বৰ্তমান বিধানসভা নিৰ্বাচনৰ আচৰণ বিধি বলবৎ হৈ থকাৰ সময়তে প্ৰধানমন্ত্ৰীয়ে চৰকাৰী মাধ্যমক বিৰোধীৰ বিৰুদ্ধে প্ৰচাৰৰ আহিলা হিচাপে ব্যৱহাৰ কৰা বুলি অভিযোগ উঠিছে। ২০২৬ চনৰ নিৰ্বাচনৰ পূৰ্বে বিশিষ্ট নাগৰিক আৰু বিৰোধী দলসমূহৰ এই ঐক্যবদ্ধ অভিযোগে এতিয়া ৰাষ্ট্ৰীয় ৰাজনীতিত এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰিছে। এতিয়া এই গুৰুতৰ অভিযোগৰ পাছত নিৰ্বাচন আয়োগে কি পদক্ষেপ গ্ৰহণ কৰে, সেয়া হ’ব আটাইতকৈ গুৰুত্বপূৰ্ণ।

Leave a Reply

Your email address will not be published. Required fields are marked *