গাঁৱৰ মাজেৰে যোৱা এটা পথৰ ওপৰতে হঠাতে এটা পোহনীয়া হাতীয়ে আক্ৰমণ কৰাৰ ফলত থিতাতে প্ৰাণ হেৰুৱাবলগীয়া হ’ল এজন মাউতে। গোলাঘাট জিলাৰ দেৰগাঁৱৰ মলাই কুমাৰ গাঁৱত বৃহস্পতিবাৰে এই শোকাৱহ ঘটনা সংঘটিত হৈছে। ‘ৰামপ্ৰসাদ’ নামৰ হাতীটোৰ আক্ৰমণত নিহত হোৱা দুৰ্ভগীয়া মাউতজনক প্ৰশান্ত বুলি চিনাক্ত কৰা হৈছে।

স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, মলাই কুমাৰ গাঁৱৰ এটা পথৰ কাষত পূৰ্বৰে পৰা আন এটা হাতীয়ে চৰি আছিল। ঠিক সেই সময়তে একেটা পথেৰেই ‘ৰামপ্ৰসাদ’ নামৰ হাতীটোক লৈ অহা হৈছিল। দুয়োটা হাতী মুখামুখি হোৱাৰ লগে লগে পৰিস্থিতি উত্তপ্ত হৈ পৰে। ইয়াকে দেখি চৰি থকা হাতীটোৰ মাউত প্ৰশান্তই নিজৰ হাতীটোৰ পিঠিৰ পৰা তললৈ নামি আহে। কিন্তু ঠিক সেই সময়তে ‘ৰামপ্ৰসাদ’ নামৰ হাতীটোৱে প্ৰশান্তৰ ওপৰত আক্ৰমণ কৰি তেওঁক থিতাতে মোহাৰি পেলায়।

এই নৃশংস কাণ্ড সংঘটিত কৰাৰ পিছতেই হাতীটোৱে সেই স্থানৰ পৰা আঁতৰি যায়। পাছত তাৰ মূল মাউতে অতি সাৱধানে হাতীটোক নিয়ন্ত্ৰণলৈ আনি ওচৰৰে হাবিত বান্ধি থোৱাৰ ব্যৱস্থা কৰে। ইফালে স্থানীয় ৰাইজে অভিযোগ কৰা মতে, এই ‘ৰামপ্ৰসাদ’ নামৰ হাতীটোৱে ইয়াৰ পূৰ্বেও আন এক আক্ৰমণ চলাই নিজৰ মালিককো হত্যা কৰিছিল। ঘটনাৰ খবৰ পাই দেৰগাঁও আৰক্ষীৰ দল এটা উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে ঘটনা সন্দৰ্ভত এক তদন্ত আৰম্ভ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *