পাছপ’ৰ্ট বিচাৰি কৰা আবেদন এতিয়াৰে পৰা অধিক ব্যয়বহুল হৈ পৰিব। অহা ১ জুলাই ২০২৬ৰ পৰা চৰকাৰে নতুন পাছপ’ৰ্ট আবেদন, তৎকাল সেৱা আৰু অন্যান্য পাছপ’ৰ্ট সম্পৰ্কীয় সেৱাৰ মাচুল বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে চৰকাৰে। পাছপ’ৰ্ট (সংশোধনী) নিয়ম, ২০২৬’ৰ অধীনত এই মাচুল সংশোধন কৰা হৈছে। নতুন নিৰিখ অনুসৰি, ১৮ বছৰ বা তাতকৈ অধিক বয়সৰ আবেদনকাৰীৰ বাবে সাধাৰণ কেটেগৰীত ৩৬ পৃষ্ঠাৰ এটা পাছপ’ৰ্টৰ নতুন মাচুল হ’ব ২,৫০০ টকা। আনহাতে, জৰুৰীকালীনভাৱে পাছপ’ৰ্ট উলিয়াব বিচৰা লোকসকলৰ বাবে ‘তৎকাল’ আবেদনৰ মাচুল হ’ব ৫,০০০ টকা। Share this:FacebookX Related Post navigation ৰেচন কাৰ্ডৰ হিতাধীকাৰিৰ বাবে ডাঙৰ খবৰ বৃদ্ধি পাইছে মৃতকৰ সংখ্যা