ৰাজনৈতিক আৰু অৰ্থনৈতিক অস্থিৰতাৰে জৰ্জৰিত হৈ থকাৰ মাজতে মাত্ৰ ৩৯ ছেকেণ্ডৰ ব্যৱধানত অহা দুটাকৈ শক্তিশালী ভূমিকম্পই তচনচ কৰি পেলালে দক্ষিণ আমেৰিকাৰ দেশ ভেনিজুৱেলাক।বৃহস্পতিবাৰে সন্ধিয়া অহা ৭.২ আৰু ৭.৫ প্ৰাবল্যৰ এই দুটা ভূমিকম্পই দেশখনক বিধ্বস্ত কৰি তুলিলে। মুহুৰ্ততে বাগৰি পৰিল প্ৰকাণ্ড প্ৰকাণ্ড অট্টালিকা, মৃত্যুক সাৱটিলে শ শ লোকে। শেহতীয়া তথ্য অনুসৰি, মৃতকৰ সংখ্যা ২৩৫ জনলৈ বৃদ্ধি পাইছে। হাজাৰ হাজাৰ লোক আহত হোৱা বুলি উদ্ধাৰকাৰী সংস্থাসমূহে জানিবলৈ দিছে।উল্লেখ্য যে, প্ৰায় ছমাহ পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ নিৰ্দেশনাত আমেৰিকান সেনাই তেতিয়াৰ ৰাষ্ট্ৰপতিগৰাকী আৰু তেওঁৰ পত্নীক গ্ৰেপ্তাৰ কৰিছিল। বৰ্তমান দুয়োজনেই আমেৰিকাৰ আদালতত বিচাৰৰ সন্মুখীন হৈছে। Share this:FacebookX Related Post navigation বৃদ্ধি কৰা হল পাছপ’ৰ্টৰ মাছুল