পানী সুৰক্ষাক লৈ ভাবুকিৰ সৃষ্টি হ’লে ভাৰতৰ বিৰুদ্ধে যুদ্ধৰ পথ বাছি ল’ব পাকিস্তানে। সিন্ধু নদীৰ পানী ব্যৱহাৰক লৈ ভাৰত আৰু পাকিস্তানৰ মাজত অব্যাহত থকা উত্তেজনাৰ মাজতে এই হুংকাৰ প্ৰদান কৰে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে। পাকিস্তানৰ সংবাদ মাধ্যম এআৰৱাই নিউজক দিয়া এক সাক্ষাৎকাৰত খোৱাজা আছিফে কয় যে, পানী পাকিস্তানৰ ৰাষ্ট্ৰীয় সুৰক্ষাৰ এক গুৰুত্বপূৰ্ণ অংশ। সিন্ধু নদী ব্যৱস্থাৰ পানীৰ প্ৰবাহত কোনো ধৰণৰ পৰিৱৰ্তনে দেশখনৰ সুৰক্ষাত প্ৰভাৱ পেলালে পাকিস্তানে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব। খোৱাজা আছিফে কয়, “যি মুহূৰ্তত আমি অনুভৱ কৰিম যে আমাৰ ৰাষ্ট্ৰীয় সুৰক্ষা, যাৰ অংশ পানীও, ভাবুকিৰ সন্মুখীন হৈছে, তেতিয়া আমি ভাৰতৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ কুণ্ঠাবোধ নকৰিম।” উল্লেখ্য যে, ১৯৬০ চনত বিশ্ব বেংকৰ মধ্যস্থতাত স্বাক্ষৰিত সিন্ধু জল চুক্তিক লৈ শেহতীয়াকৈ ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পাইছে। জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে এই চুক্তি স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। ভাৰত চৰকাৰে জনাইছিল যে, পাকিস্তানে সীমান্তপাৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে বিশ্বাসযোগ্য আৰু স্থায়ী ব্যৱস্থা গ্ৰহণ নকৰালৈকে সিন্ধু জল চুক্তি পুনৰ কাৰ্যকৰী কৰা নহ’ব। ইফালে, পাকিস্তানে ভাৰতৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি আহিছে। দেশখনৰ উপ-প্ৰধানমন্ত্ৰী ইছহাক ডাৰে ইয়াৰ পূৰ্বে বিষয়টো ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত উত্থাপন কৰাৰ দাবী জনাইছিল। সিন্ধু জল চুক্তিৰ অধীনত সিন্ধু নদী ব্যৱস্থাৰ পানী বণ্টন কৰা হয় ভাৰত আৰু পাকিস্তানৰ মাজত। পাকিস্তানৰ কৃষি আৰু জলসিঞ্চন ব্যৱস্থাৰ বাবে এই নদী ব্যৱস্থা অত্যন্ত গুৰুত্বপূৰ্ণ বুলি দেশখনে দাবী কৰি আহিছে। Share this:FacebookX Related Post navigation কাতাৰৰ গেছ প্ৰকল্পত ভয়ংকৰ বিস্ফোৰণ; ভাৰতীয়সহ ১৩ জনৰ মৃত্যু জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ: শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানিত অসম চৰকাৰলৈ উচ্চতম ন্যায়ালয়ৰ জাননী