পাক অধিকৃত কাশ্মীৰত পুনৰ জ্বলি উঠিছে জনৰোষ। বিগত কিছু মাহ ধৰি পাকিস্তানৰ শাসনৰ বিৰুদ্ধে অব্যাহত থকা প্ৰতিবাদৰ মাজতে এইবাৰ সাধাৰণ জনতাৰ ওপৰত গুলীচালনা কৰে পাকিস্তানৰ নিৰাপত্তা বাহিনীয়ে। এই ঘটনাত কমেও ৬ জন অসামৰিক লোক নিহত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। নতুনকৈ সংঘটিত এই ৰক্তক্ষয়ী ঘটনাই পাকিস্তান অধিকৃত কাশ্মীৰত চলি থকা অস্থিৰ পৰিস্থিতিক আৰু অধিক তীব্ৰ কৰি তুলিছে। বাতৰি অনুসৰি, ৰাৱালাকোট চহৰৰ নিউ বাছ টাৰ্মিনেলৰ সমীপত পাকিস্তানৰ নিৰাপত্তা বাহিনীয়ে সাধাৰণ লোকৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰাৰ পিছতে সংঘৰ্ষৰ সূচনা হয়। সেই সময়তে নিৰাপত্তা বাহিনীয়ে গুলীচালনা কৰাত ৬ জন অসামৰিক লোকৰ মৃত্যু হয়। নিহতসকলৰ ভিতৰত বালুচ ছাধুনাটি জিলাৰ জাহিদ মুগল, জাফৰ মুগল, আৰছালান আকবৰ আৰু ৱাজিদ হায়াতৰ নাম নিশ্চিত কৰা হৈছে। ইয়াৰে ৱাজিদ হায়াত ৰাৱালাকোটৰ মাতিয়াল মীৰা বাছ টাৰ্মিনেলত নিহত হয়। ইয়াৰ এদিন পূৰ্বেই আমেৰিকাৰ হোৱাইট হাউছৰ সন্মুখত পাকিস্তান অধিকৃত কাশ্মীৰৰ প্ৰবাসী লোকসকলে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছিল। প্ৰায় ১০০ জন লোকৰ অংশগ্ৰহণেৰে অনুষ্ঠিত এই প্ৰতিবাদত পাকিস্তানৰ সেনাবাহিনীক অসামৰিক অঞ্চলৰ পৰা প্ৰত্যাহাৰ কৰাৰ দাবী জনোৱাৰ লগতে আন্তঃৰাষ্ট্ৰীয় মহলক হস্তক্ষেপ কৰাৰ আহ্বান জনোৱা হয়। প্ৰতিবাদকাৰীসকলে অভিযোগ কৰে যে, পাকিস্তানে দীৰ্ঘদিন ধৰি ইণ্টাৰনেট সেৱা বন্ধ কৰি প্ৰায় ৪০ লাখ লোকক বহিঃজগতৰ পৰা বিচ্ছিন্ন কৰি ৰাখিছে। লগতে মানৱীয় সাহায্য আগবঢ়াবলৈ নিয়ন্ত্ৰণ ৰেখা পুঞ্চ আৰু ডোডা খণ্ডত মুকলি কৰাৰ দাবীও উত্থাপন কৰে। ইফালে, ভাৰতেও এই ঘটনাক লৈ পাকিস্তানক তীব্ৰ সমালোচনা কৰিছে। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে, পাকিস্তান অধিকৃত কাশ্মীৰত চলি থকা প্ৰতিবাদ হৈছে দীৰ্ঘদিনীয়া শোষণ, মৌলিক অধিকাৰ খৰ্ব আৰু প্ৰশাসনিক দমন-পীড়নৰ স্বাভাৱিক পৰিণতি। তেওঁ কয়, “স্থানীয় লোকসকলৰ ন্যায্য দাবী সমাধান কৰাৰ পৰিৱৰ্তে পাকিস্তানে মহিলা আৰু শিশুসহ নিৰস্ত্ৰ সাধাৰণ নাগৰিকৰ ওপৰত চূড়ান্ত বলপ্ৰয়োগ কৰিছে। খাদ্য, ঔষধ আদি অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান ব্যাহত কৰাৰ লগতে ইণ্টাৰনেট বন্ধ কৰি দিয়া হৈছে।” ভাৰতৰ দাবী, অসামৰিক লোকৰ ওপৰত দমন-পীড়নৰ বাবে পাকিস্তানক আন্তঃৰাষ্ট্ৰীয় মহলে জবাবদিহি কৰাব লাগে। উল্লেখ্য, ২০২৫ চনত প্ৰকাশিত এক গৱেষণা অনুসৰি, পাকিস্তান অধিকৃত কাশ্মীৰত ৫৭ শতাংশতকৈ অধিক পৰিয়াল খাদ্য সংকটত ভুগি আছে। আনহাতে, পাৰ্বত্য অঞ্চলসমূহত এই হাৰ ৯০ শতাংশলৈকে বৃদ্ধি পাইছে। স্বাস্থ্য সেৱাৰ ক্ষেত্ৰতো অঞ্চলটোত পৰিস্থিতি উদ্বেগজনক বুলি বিভিন্ন প্ৰতিবেদনত উল্লেখ কৰা হৈছে। Share this:FacebookX Related Post navigation অসমীয়া ছবিজগতত অপূৰণীয় ক্ষতি; চিৰবিদায় বিশিষ্ট অভিনেত্ৰী পূৰবী শৰ্মাৰ পুত্ৰ কেতন আগৰৱালৰ হত্যাকাণ্ডৰ ন্যায় বিচাৰি প্ৰধানমন্ত্ৰী মোদীলৈ আৱেগিক পত্ৰ মাতৃৰ