পশ্চিম এছিয়াত ক্ৰমাৎ সলনি হোৱা নিৰাপত্তা পৰিস্থিতিক লৈ গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় ভাৰত আৰু ইৰান। নতুন দিল্লীত সোমবাৰে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু ইৰানৰ উচ্চপদস্থ নিৰাপত্তা বিষয়া গাদিৰ নেজামিপুৰৰ মাজত অনুষ্ঠত হয় এক গুৰুত্বপূৰ্ণ বৈঠক।

ইৰানৰ শক্তিশালী সংস্থা ছুপ্ৰিম নেচনেল ছিকিউৰিটি কাউন্সিলৰ প্ৰতিৰক্ষা পৰিক্ৰমা বিভাগৰ উপ-সচিব নেজামিপুৰ বৰ্তমান ব্ৰিকছৰ নিৰাপত্তা বিষয়ক সন্মিলনত অংশগ্ৰহণৰ বাবে ভাৰতত উপস্থিত আছে।

বৈঠকত পশ্চিম এছিয়াৰ বৰ্তমানৰ পৰিস্থিতি, ব্ৰিকছৰ মঞ্চত সহযোগিতা আৰু ভাৰত-ইৰান দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন দিশক লৈ আলোচনা কৰা হয়। বৈঠকৰ অন্তত এই বিষয়ে জানিবলৈ দিয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে।

উল্লেখ্য যে, আমেৰিকা আৰু ইৰানৰ মাজত শান্তি চুক্তি সম্পন্ন হোৱাৰ পিছত ইৰানৰ কোনো জ্যেষ্ঠ বিষয়াৰ এয়া প্ৰথম ভাৰত ভ্ৰমণ।

ইফালে, ব্ৰিকছৰ সদস্য দেশসমূহৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাসকলে মঙলবাৰে অঞ্চলটোৰ নিৰাপত্তা পৰিস্থিতিক লৈ বিস্তৃত আলোচনাত অংশ ল’ব। ভাৰত বৰ্তমান ব্ৰিকছৰ অধ্যক্ষ দেশ হিচাপে এই গুৰুত্বপূৰ্ণ সন্মিলনৰ আয়োজন কৰিছে।

সন্মিলনত ইৰান, ৰাছিয়া, চীনসহ ব্ৰিকছৰ আন সদস্য দেশসমূহৰ শীৰ্ষ নিৰাপত্তা বিষয়াসকলে অংশগ্ৰহণ কৰিব। বৈঠকৰ অধ্যক্ষতা কৰিব অজিত ডোভালে।

ব্ৰিকছত বৰ্তমান ব্ৰাজিল, ৰাছিয়া, ভাৰত, চীন আৰু দক্ষিণ আফ্ৰিকাৰ লগতে ইজিপ্ত, ইথিওপিয়া, ইৰান, সংযুক্ত আৰব আমিৰশ্বাহী আৰু ইণ্ডোনেছিয়াও অন্তৰ্ভুক্ত হৈছে। বিকাশশীল অৰ্থনীতিৰ ১১খন দেশক লৈ গঠিত এই গোটে বিশ্ব ৰাজনীতি আৰু অৰ্থনীতিত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে।

ব্ৰিকছৰ নিৰাপত্তা সন্মিলনত পশ্চিম এছিয়াৰ পৰিস্থিতিৰ লগতে ৰাছিয়া-ইউক্ৰেইন যুদ্ধ, সন্ত্ৰাসবাদ আৰু আঞ্চলিক নিৰাপত্তাৰ বিভিন্ন বিষয় আলোচনাৰ বাবে উত্থাপন হোৱাৰ সম্ভাৱনা আছে।

সূত্ৰ অনুসৰি, ভাৰতীয় পক্ষই পাকিস্তানভিত্তিক সন্ত্ৰাসবাদী সংগঠনৰ দ্বাৰা জম্মু-কাশ্মীৰত চলোৱা সীমান্তপাৰ সন্ত্ৰাসবাদৰ বিষয়টোও আলোচনাত উত্থাপন কৰিব পাৰে। পাকিস্তান আৰু আফগানিস্তানৰ মাজত চলি থকা উত্তেজনাৰ বিষয়েও আলোচনা হোৱাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে, ব্ৰিকছৰ বৈদেশিক মন্ত্ৰীসকলৰ বৈঠকতো পশ্চিম এছিয়াৰ সংঘাতক লৈ ইৰান আৰু সংযুক্ত আৰব আমিৰশ্বাহীৰ মাজত মতানৈক্যৰ সৃষ্টি হৈছিল। সন্মিলনৰ কাঠামো অনুসৰি ব্ৰিকছত সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত সকলো সদস্য দেশৰ সন্মতিৰ প্ৰয়োজন হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *