ছিকিমৰ নামচি জিলাত তিস্তা ষ্টেজ ষষ্ঠ জলবিদ্যুৎ প্ৰকল্পত সোমবাৰে নিৰ্মাণৰত এনএইচপিচি এটা সুৰংগ ভাঙি বৰ্তমান পৰ্যন্ত ২২ জন শ্ৰমিকৰ মৃত্যু হৈছে ৷ সুৰংগত মৃত্যু হোৱা শ্ৰমিকসকলৰ এজনক অসমৰ বুলি চিনাক্ত কৰা হৈছে ৷ সুৰংগৰ ভিতৰত এতিয়াও ৩ জন শ্ৰমিক আবদ্ধ হৈ আছে । তেওঁলোকক বিচাৰি বৰ্তমান প্ৰশাসনৰ লোকে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৷নামচিৰ আৰক্ষী অধীক্ষক সোণম ডি ভূটিয়াই মঙলবাৰে কয় যে সুৰংগটোৰ ভিতৰত আবদ্ধ হৈ থকা ২৫ জন লোকৰ ভিতৰত ২০ জন লোকৰ মৃত্যু হৈছে । বুধবাৰলৈকে ৮টা মৃতদেহ চিনাক্ত কৰা হৈছে । ইয়াৰে চাৰিজন পশ্চিমবংগৰ জলপাইগুৰি জিলাৰ হোৱাৰ বিপৰীতে পঞ্জাৱ, উত্তৰাখণ্ড, অসম আৰু ছিকিমৰ এজনকৈ শ্ৰমিকৰ মৃত্যু হৈছে । Share this:FacebookX Related Post navigation নিশা যুদ্ধক্ষেত্ৰত পৰিণত যন্তৰ মন্তৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ সাম্ভাব্য বানৰ বাবে সাজু হৈ উঠিছে