নাগালেণ্ডত অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত NEEPCO ৰ অধীনস্থ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ জলাশয়ত পানীৰ স্তৰ বিপজ্জনকভাৱে বৃদ্ধি পাইছে। সম্ভাব্য প্লাৱন আৰু বিপদৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট জিলা প্ৰশাসনে সমগ্ৰ জিলাখনতে এক জৰুৰীকালীন সতৰ্কবাণী জাৰি কৰিছে।জিলা প্ৰশাসন আৰু NEEPCO কৰ্তৃপক্ষ একেৰাহে যোগাযোগত আছে। প্ৰকল্পটোৰ সুৰক্ষা আৰু পানীৰ গতি নিয়ন্ত্ৰণ নিশ্চিত কৰিবলৈ প্ৰয়োজন অনুসাৰে নিৰ্ধাৰিত নিয়ন্ত্ৰিত ৰূপত দৈয়াং বান্ধৰ গেটসমূহ মুকলি কৰি অতিৰিক্ত পানী এৰি দিয়া হ’ব পাৰে। লগতে দৈয়াং আৰু ধনশিৰি নদীৰ দুয়োপাৰৰ বাসিন্দা, নিম্নভূমি অঞ্চল আৰু নদী কাষৰীয়া ৰাইজক বিশেষভাৱে সতৰ্ক হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে। ৰাইজক প্ৰশাসনৰ নিৰ্দেশনাসমূহ কঠোৰভাৱে মানি চলিবলৈ অনুৰোধ জনোৱা হৈছে। Share this:FacebookX Related Post navigation দিল্লী উত্তপ্ত হৈ থকাৰ মাজতে আহিছে এক ডাঙৰ খবৰ।চৰকাৰে যদি দিয়ে আশ্বাস, তেন্তে ভংগ কৰিম অনশন… নিশা যুদ্ধক্ষেত্ৰত পৰিণত যন্তৰ মন্তৰ