নাগালেণ্ডৰ ৰাজ্যপাল নন্দ কিশোৰ যাদৱে মঙলবাৰে ৰাজ্যখনৰ যুৱপ্ৰজন্মক কেৱল চৰকাৰী চাকৰিৰ ওপৰত নিৰ্ভৰ নকৰি উদ্যোগী হোৱাৰ লগতে জীৱিকাৰ অন্যান্য সুযোগৰ বাবে দক্ষতা বিকাশ কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে এক উদ্যোগী যুৱপ্ৰজন্মই এখন স্বনিৰ্ভৰশীল নাগালেণ্ড গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে।

কহিমাৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত অনুষ্ঠিত ‘ৰাজ্যিক পৰ্যায়ৰ যুৱ মহোৎসৱ ২০২৬’ত ভাষণ দি যাদৱে কয় যে যুৱক-যুৱতীসকলে নিজৰ আকাংক্ষাক কেৱল চৰকাৰী নিযুক্তিৰ মাজতে সীমাবদ্ধ ৰাখিব নালাগে। ইয়াৰ পৰিৱৰ্তে তেওঁলোকে উদ্ভাৱনমুখী খণ্ডসমূহৰ লগতে নাগালেণ্ডৰ পৰ্যটন আৰু অন্যান্য সম্ভাৱনাপূৰ্ণ ক্ষেত্ৰত থকা সুযোগসমূহ অন্বেষণ কৰা উচিত।

ৰাজ্যপালগৰাকীয়ে কয়, “কেৱল চৰকাৰী নিযুক্তিৰ দ্বাৰা প্ৰতিগৰাকী যুৱক-যুৱতীৰ আকাংক্ষা পূৰণ কৰাটো সম্ভৱ নহয়। সেয়েহে আমি বিভিন্ন পথ আৰু সুযোগৰ বাবে সাজু থাকিব লাগিব।” তেওঁ লগতে কয় যে দক্ষতা, দৃঢ়তা, অধ্যৱসায় আৰু উদ্যোগী মনোভাৱেৰে যুৱপ্ৰজন্মই স্বতন্ত্ৰ জীৱন গঢ়ি তোলাৰ লগতে এখন স্বনিৰ্ভৰশীল নাগালেণ্ডৰ বাবে উল্লেখনীয় অৱদান আগবঢ়াব পাৰিব।

উল্লেখ্য যে, “যুৱক, দক্ষতা আৰু এক স্বনিৰ্ভৰশীল নাগালেণ্ড” শীৰ্ষক বিষয়বস্তুৰে আয়োজিত এই যুৱ মহোৎসৱত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ যুৱক-যুৱতীসকলে অংশগ্ৰহণ কৰি নিজৰ প্ৰতিভা আৰু সৃজনীশীলতা প্ৰদৰ্শন কৰে।

By Tarali

Leave a Reply

Your email address will not be published. Required fields are marked *