নিৰ্বাচনত ভোট চুৰিৰ বিৰুদ্ধে দেশজুৰি ৰাজপথৰ আন্দোলন গঢ়ি তোলাৰ বাবে মঙলবাৰে এক জোৰদাৰ আহ্বান জনালে কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। নতুন দিল্লীত অনুষ্ঠিত কংগ্ৰেছ ৱৰ্কিং কমিটিৰ (চিডব্লিউচি) এক গুৰুত্বপূৰ্ণ বৈঠকত বক্তব্য ৰাখি তেওঁ অভিযোগ তোলে যে বিজেপি চৰকাৰে ইভিএম আৰু ভোটাৰ তালিকাত সালসলনি ঘটাই নিৰ্বাচনত ‘মেচ ফিক্সিং’ চলাই আহিছে।

বৈঠকত বক্তব্য ৰাখি ৰাহুল গান্ধীয়ে কয়, “বিগত দুটা বছৰে মই এই বিষয়টো উত্থাপন কৰি আহিছো, কিন্তু প্ৰথম অৱস্থাত বহু লোকেই মোৰ কথাত বিশ্বাস কৰা নাছিল। অৱশ্যে যোৱা দুবছৰত পৰিস্থিতি সলনি হৈছে, কাৰণ তথ্য-প্ৰমাণৰ ভিত্তিত এই বিষয়সমূহ এতিয়া তুলি ধৰা হৈছে।”

২০২৪ চনৰ লোকসভা নিৰ্বাচনত এনডিএ চৰকাৰৰ বিজয়ক লৈ প্ৰশ্ন উত্থাপন কৰি বিৰোধী দলপতিগৰাকীয়ে কয় যে যদি নিৰ্বাচন প্ৰকৃততে ‘মেচ ফিক্সিং’ কৰি অনুষ্ঠিত হৈছিল, তেন্তে সেই প্ৰক্ৰিয়াৰে গঠিত চৰকাৰৰ প্ৰধানমন্ত্ৰীৰ পদো আইনসন্মত হ’ব নোৱাৰে। ইয়াৰ পৰিণতিত তেনে চৰকাৰে সংসদত গৃহীত কৰা সকলো আইনেই অবৈধ বুলি তেওঁ মন্তব্য কৰে।

মুখ্য নিৰ্বাচন আয়ুক্তৰ নিযুক্তি আৰু নিৰাপত্তা সম্পৰ্কীয় নিয়ম সলনি কৰা প্ৰসংগ উত্থাপন কৰি গান্ধীয়ে কয় যে ২০২৩ চনত যেতিয়া এই বিধেয়কখন সংসদত উত্থাপন হৈছিল, তেতিয়া লোকসভাৰ ১০০ গৰাকী আৰু ৰাজ্যসভাৰ ৪৫ গৰাকী সাংসদক নিলম্বন কৰা হৈছিল। গণতন্ত্ৰ ৰক্ষাৰ বাবে সংসদৰ ভিতৰৰ লগতে সাধাৰণ জনতাক লগত লৈ ৰাজপথতো প্ৰতিবাদ অব্যাহত ৰখাৰ ওপৰত তেওঁ জোৰ দিয়ে।

চিডব্লিউচি বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰি কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে জনোৱা মতে, গণতন্ত্ৰৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা এনে বিষয়ৰ বিৰুদ্ধে ‘ভোট চুৰি’ অভিযানৰ নেতৃত্ব লোৱাৰ বাবে কাৰ্যনিৰ্বাহক সমিতিয়ে ৰাহুল গান্ধীক ধন্যবাদ জ্ঞাপন কৰে। সমগ্ৰ দেশজুৰি এই বিষয়টোক লৈ কংগ্ৰেছ দলে শান্তিপূৰ্ণ প্ৰতিবাদী আন্দোলন গঢ়ি তুলিব বুলিও দলৰ তৰফৰ পৰা ঘোষণা কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *