যেন কোনো চিনেমাৰ দৃশ্যহে! নিষিদ্ধ গুটখা সৰবৰাহ কৰা বাহন ৰখাবলৈ চলন্ত বাহনৰ ৰুফৰ ওপৰত উঠি ৪০ কিলোমিটাৰ যাত্ৰা কৰিলে এগৰাকী আৰক্ষীয়ে। দেওবাৰে পুৱতি নিশা তামিলনাডুৰ কইম্বাটুৰৰ পৰা ত্ৰিপুৰ সংযোগী ব্যস্ত ঘাইপথত সংঘটিত হ’ল এই শ্বাসৰুদ্ধকৰ ঘটনা। ৰাজপথত প্ৰাণৰ বাজি লগাই চলোৱা এই দুঃসাহসিক অভিযানৰ অন্তত তিনিজন আন্তঃৰাজ্যিক গুটখা সৰবৰাহকাৰীক কৰায়ত্ত কৰাৰ লগতে বৃহৎ পৰিমাণৰ নিষিদ্ধ সামগ্ৰী জব্দ কৰে আৰক্ষীয়ে।

বাংগালুৰুৰ পৰা কইম্বাটুৰ অভিমুখে নিষিদ্ধ ধঁপাতজাতীয় সামগ্ৰী কঢ়িয়াই অনাৰ এক গোপন তথ্য লাভ কৰিছিল আৰক্ষীয়ে। পুৱা প্ৰায় ৫:৪৫ বজাত কইকলাপালায়ম অঞ্চলত কৰ্ণাটক পঞ্জীয়ন নম্বৰযুক্ত এখন বগা ৰঙৰ এছইউভি ৰখাবলৈ সংকেত দিয়ে উপ-পৰিদৰ্শক ভি বিগ্নেশ আৰু হেড কনিষ্টবল এম ভেলমুৰুগানে। বাহনখন ৰখোৱাৰ পিছত বিষয়া বিগ্নেশে খিৰিকীৰে চালকজনক সোধ-পোচ কৰিবলৈ চেষ্টা কৰোঁতেই চালকে অতৰ্কিতে খিৰিকীৰ কাচখন তুলি বিষয়াগৰাকীৰ হাতখন আৱদ্ধ কৰি বাহনখন পিছুৱাই নি পলায়নৰ চেষ্টা চলায়।

সহকৰ্মীক বিপদাপন্ন অৱস্থাত দেখি কাষতে থকা ৩৮ বছৰীয়া হেড কনিষ্টবল ভেলমুৰুগানে সময় অপচয় নকৰি জাপ মাৰি বাহনখনৰ চালৰ ওপৰত উঠি ৰেলিংখন খামোচ মাৰি ধৰে। বিষয়াগৰাকীৰ হাতখন এৰি দিয়াই চালকে বাহনখন ৰখোৱাৰ পৰিৱৰ্তে অধিক গতিৰে ৰাওনা হয়।

প্ৰতি ঘণ্টাত ১০০ কিলোমিটাৰতকৈও অধিক গতিবেগেৰে কলাপাত্তি, নেহৰু নগৰ আৰু বিমানবন্দৰ সংযোগীকৈ ব্যস্ত ছালেম-কোচি ঘাইপথেৰে বাহনখনে ত্ৰিপুৰ অভিমুখে গতি কৰে। সেই ভয়ংকৰ গতিবেগতো কনিষ্টবলগৰাকীয়ে চালৰ ৰেলিংখন এৰি নিদি অসীম সাহসেৰে লাগি থাকে। আনহাতে পিছফালৰ পৰা আৰক্ষীৰ বাহন আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ এখন এম্বুলেন্সে তীব্ৰবেগী এছইউভিখনক খেদি যায়। কনিয়ুৰ টোল গেটতো ফাষ্টটেগৰ সহায়ত বেৰিয়াৰ খুলি বাহনখনে কোনোমতে পলায়ন কৰে।

অৱশেষত ত্ৰিপুৰ জিলাৰ মাংগলম জংচনৰ ওচৰত আৰক্ষীয়ে বাহনখন আগভেটি ধৰিবলৈ সক্ষম হয়। বাহনখন এৰি পলাই যাবলৈ চেষ্টা কৰোঁতেই ৰাজস্থানৰ বাবু ধাৰা, এ ৰাজেশ আৰু এছ সুৰেশ নামৰ তিনিজন অভিযুক্তক আৰক্ষীয়ে আটক কৰে।

বাহনখনৰ পৰা প্ৰায় ৩০০ কিলোগ্ৰাম নিষিদ্ধ গুটখা আৰু ধঁপাতজাতীয় সামগ্ৰী জব্দ কৰা বুলি সদৰী কৰিছে আৰক্ষীয়ে। চলন্ত বাহনৰ চালত ওলমি থাকি নিজৰ জীৱন বিপন্ন কৰি কৰ্তব্য সম্পাদন কৰা হেড কনিষ্টবল ভেলমুৰুগানৰ এই অভূতপূৰ্ব নিষ্ঠা আৰু সাহসক প্ৰশংসাৰে উপচাই পেলাইছে সচেতন ৰাইজ আৰু বিভাগীয় কৰ্তৃপক্ষই।

Leave a Reply

Your email address will not be published. Required fields are marked *