গ্লাছগ’ত অনুষ্ঠিত কমনৱেলথ গেমছত ৩৯টা পদক লাভ ভাৰতীয় খেলুৱৈৰ। খেলুৱৈসকলক অভিনন্দন জ্ঞাপন প্ৰধানমন্ত্ৰীৰ। ক্ৰীড়াৰ ক্ষেত্ৰত আৰু আগুৱাই যাবলৈ আগবঢ়ায় বহুমূলীয়া পৰামৰ্শ।খেলুৱৈসকলৰ সৈতে হোৱা এক সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তেওঁলোকৰ মনোবল বৃদ্ধি কৰিবলৈ কয় যে, “যিয়ে খেলিব, সি জিলিকিব। অলৱেজ চিয়েৰ ফৰ ভাৰত। ভাৰত মাতা কি জয়।”গতে এই সাক্ষাৎকালৰ এটা বিশেষ ভিডিঅ’ প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজৰ সামাজিক মাধ্যমত শ্বেয়াৰ কৰে। ভিডিঅ’টোত স্বৰ্ণ পদক বিজয়ী বক্সাৰ সাক্ষী চৌধুৰী আৰু অন্যান্য খেলুৱৈসকলক প্ৰধানমন্ত্ৰীৰ সৈতে দেখা যায়।গ্লাছগ’ত কমনৱেলথ গেমছত ভাৰতে মুঠ ৩৯টা পদক (১৩টা স্বৰ্ণ, ১৭টা ৰূপ আৰু ৯টা ব্ৰঞ্জ) অৰ্জন কৰি পদক তালিকাৰ চতুৰ্থ স্থানত অৱস্থান কৰিবলৈ সক্ষম হয়। ইপিনে এইবাৰ গেমছত ১২২ গৰাকী ভাৰতীয় খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল আৰু ৩৮ গৰাকী খেলুৱৈয়ে পদক জয় কৰি উভতিছে। Share this:FacebookX Related Post navigation উজনি অসমত ভয়াৱহ বান পৰিস্থিতিয়ে সৰ্বসাধাৰণ ৰাইজক জুৰুলা কৰিছে