কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ চাৰিওফালে প্ৰস্তাৱিত পৰিৱেশ সংবেদনশীল অঞ্চলক লৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজতে বিৰোধী দল-সংগঠনৰ দ্বৈত স্থিতিক তীব্ৰ প্ৰশ্নবাণেৰে থকা-সৰকা কৰে মন্ত্ৰী পিযুষ হাজৰিকাই। সামাজিক মাধ্যমত প্ৰকাশ কৰা এক বক্তব্যৰ জৰিয়তে মন্ত্ৰীগৰাকীয়ে ২০১৫ চনত এই একেটা বিষয়কে লৈ কৃষক মুক্তি সংগ্ৰাম সমিতি, সদৌ অসম ছাত্ৰ সন্থা (আছু)কে ধৰি বিভিন্ন স্থানীয় সংগঠনে গঢ়ি তোলা ব্যাপক প্ৰতিবাদৰ তথ্য তুলি ধৰে। মন্ত্ৰী হাজৰিকাৰ মতে, ২০১৫ চনৰ এপ্ৰিল মাহত কাজিৰঙাৰ চাৰিওফালে ইএছজেড প্ৰস্তুতিৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পিছতে মে’ আৰু জুন মাহত উচ্ছেদৰ শংকা আৰু ভূমিৰ অধিকাৰক লৈ ব্যাপক আন্দোলন সংঘটিত হৈছিল। তেওঁ উল্লেখ কৰে যে ২০১৫ চনৰ ১৮ জুনত ৰাজহুৱা শুনানিৰ সময়ত প্ৰতিবাদকাৰীসকলে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ইএছজেড বাতিলৰ দাবী জনাইছিল। ইয়াৰ পৰৱৰ্তী সময়ত ২০ জুনত বোকাখাতত পাঁচ সহস্ৰাধিক লোক সমবেত হোৱাৰ লগতে ২৬ জুনত কৃষক মুক্তিৰ কৰ্মীসকলে কুঠৰীৰ পৰা বাগৰিলৈ সমদল উলিয়াই বাগৰি বনাঞ্চল কাৰ্যালয় ঘেৰাও কৰিছিল। ২০১৫ চনৰ ৩০ জুনত বোকাখাতত প্ৰায় ১০ হাজাৰ লোক একত্ৰিত হোৱাৰ ফলত ৰাজহুৱা শুনানি স্থগিত ৰাখিবলগীয়া হৈছিল বুলি দাবী কৰে মন্ত্ৰীগৰাকীয়ে। একে বছৰৰে ৫ আগষ্টত বাগৰিত অনুষ্ঠিত প্ৰতিবাদত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি অখিল গগৈয়েও অংশগ্ৰহণ কৰিছিল বুলি তেওঁ সদৰী কৰে। বৰ্তমানৰ পৰিস্থিতিৰ সৈতে তুলনা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে অসম চৰকাৰে পূৰ্বৰ ১০ কিলোমিটাৰ পৰিসৰৰ সলনি প্ৰয়োজনীয়তা অনুসৰি ১ৰ পৰা ৩ কিলোমিটাৰ বিশেষ ‘ছাইট-স্পেচিফিক’ ইএছজেডৰ প্ৰস্তাৱ আগবঢ়াইছে। পূৰ্বতে যিসকলে ইএছজেড সম্পূৰ্ণ বাতিলৰ দাবী জনাইছিল, তেওঁলোকেই এতিয়া ইয়াৰ পৰিসৰ হ্ৰাসক লৈ বিৰোধিতা কৰা কাৰ্যক সমালোচনা কৰি মন্ত্ৰী হাজৰিকাই লিখে- “২০১৫ঃ ইএছজেড বাতিল কৰক। ২০২৬ঃ ইএছজেড কিয় হ্ৰাস কৰিছে?” সম্প্ৰতি চলি থকা বিৰোধিতা সম্পূৰ্ণ ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলি অভিযোগ উত্থাপন কৰি মন্ত্ৰী পিযুষ হাজৰিকাই কয় যে কাজিৰঙাৰ বনাঞ্চল, জৈৱ-বৈচিত্ৰ্য আৰু বন্যপ্ৰাণীৰ কৰিডৰসমূহক সুৰক্ষিত কৰিবলৈ চৰকাৰে বিজ্ঞানসন্মত আৰু আইনী সুৰক্ষা প্ৰদানত সম্পূৰ্ণ গুৰুত্ব আৰোপ কৰিছে। ইফালে, পৰিৱেশ সংৰক্ষণ আৰু চৰকাৰৰ নতুন প্ৰস্তাৱক লৈ ৰাজ্যৰ ৰাজনৈতিক মহলত বৰ্তমানেও তীব্ৰ চৰ্চা অব্যাহত আছে। Share this:FacebookX Related Post navigation যোৰহাটত যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত মূল অভিযুক্ত অংকিত দাসক গ্ৰেপ্তাৰ; ধৃতৰ সংখ্যা ৪জনলৈ বৃদ্ধি সীমান্তৰ কাঁটাতাঁৰ কাটি অবৈধ প্ৰৱেশ! দণ্ডিত বাংলাদেশী নাগৰিকক ২৪ ঘণ্টাৰ ভিতৰত অসম এৰাৰ নিৰ্দেশ জিলা প্ৰশাসনৰ