আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ কাঁটাতাঁৰ কাটি অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰি কাৰাবাস খাটি ওলোৱা এজন বাংলাদেশী নাগৰিকক তৎকালীনভাৱে ৰাজ্য এৰাৰ নিৰ্দেশ দিলে জিলা প্ৰশাসনে। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ জিলা দণ্ডাধীশৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা এক জাননীযোগে সীমান্ত আৰু ৰাজ্যিক নিৰাপত্তাৰ প্ৰতি ভাবুকি আখ্যা দি উক্ত বাংলাদেশী নাগৰিকজনক ২৪ ঘণ্টাৰ ভিতৰত অসম ত্যাগ কৰিবলৈ কঠোৰ নিৰ্দেশ প্ৰদান কৰা হৈছে।

প্ৰাপ্ত তথ্য অনুসৰি, ২০২৬ চনৰ ১৩ জানুৱাৰীত জৰডাঙা সীমান্ত চকীৰ সমীপত কাঁটাতাঁৰৰ বেৰ কাটি অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ সময়তে সীমান্ত সুৰক্ষা বাহিনীৰ হাতত ধৰা পৰে বাংলাদেশৰ কুৰিগ্ৰাম জিলাৰ ৰতনপুৰ গাঁৱৰ মহম্মদ মাছুদ ওৰফে মিষ্টাৰ (২৪) নামৰ যুৱকজন। পাছত বিএছএফে যুৱকজনক মানকাচৰ আৰক্ষীক চমজাই দিয়াত ভাৰতীয় ন্যায় সংহিতা, ইমিগ্ৰেচন এণ্ড ফৰেনাৰ্ছ এক্ট আৰু ৰাজহুৱা সম্পত্তি ধ্বংস প্ৰতিৰোধ আইনৰ অধীনত ০৭/২০২৬ নম্বৰৰ এটা গোচৰ ৰুজু কৰা হয়।

দক্ষিণ শালমাৰা-মানকাচৰৰ অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে গোচৰটোৰ বিচাৰ চলাই যোৱা ২১ জুলাইত মাছুদক দোষী সাব্যস্ত কৰি বিভিন্ন ধাৰাৰ অধীনত কাৰাদণ্ডৰ ৰায়দান দিয়ে। ইতিমধ্যে কাৰাবাসৰ ম্যাদ সম্পূৰ্ণ হোৱাত যোৱা ১২ আগষ্টত তেওঁক ধুবুৰী জিলা কাৰাগাৰৰ পৰা গোৱালপাৰা জিলাৰ মটিয়া ট্ৰেঞ্জিট কেম্পলৈ স্থানান্তৰ কৰা হয়।

ৰাজ্য চৰকাৰৰ নিৰ্দেশ আৰু ‘ইমিগ্ৰাণ্টছ এক্সপালচন ফ্ৰম আছাম এক্ট ১৯৫০’ৰ ২(বি) ধাৰাৰ ক্ষমতা প্ৰয়োগ কৰি যোৱা ১৪ আগষ্টত জিলা দণ্ডাধীশে আনুষ্ঠানিক বহিষ্কাৰৰ নিৰ্দেশ জাৰি কৰে। জিলা প্ৰশাসনে স্পষ্ট কৰি দিয়ে যে নিৰ্ধাৰিত দক্ষিণ শালমাৰা-মানকাচৰ আৰু ধুবুৰী সীমান্তৰে তেওঁক বাংলাদেশলৈ ওভতাই পঠিওৱা হ’ব। ২৪ ঘণ্টাৰ ভিতৰত অসম ত্যাগ নকৰিলে পুনৰ কঠোৰ আইনী পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলিও সকীয়াই দিয়া হৈছে।

ইফালে, মাছুদৰ বায়’মেট্ৰিক আৰু অন্যান্য তথ্য ‘ফৰেনাৰ আইডেণ্টিফিকেচন পৰ্টেল’ত অন্তৰ্ভুক্ত কৰিবলৈ জিলা প্ৰশাসনে নিৰ্দেশ দিয়াৰ লগতে তেওঁৰ নামত যদি কোনো ভাৰতীয় পৰিচয় পত্ৰ, আধাৰ কাৰ্ড, ভোটাৰ তালিকাৰ নাম বা ৰেচন কাৰ্ড আছে, তেন্তে সেইসমূহ তৎকালীনভাৱে বাতিল কৰিবলৈ সংশ্লিষ্ট বিভাগক নিৰ্দেশ দিয়া হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *