‘মিঞা মুছলমান’সকলক লৈ কৰা এক বিতৰ্কিত আৰু উত্তেজক মন্তব্যৰ বাবে অৱশেষত আইনী মেৰপেচত সাঙোৰ খাই পৰিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা। বিজেপিৰ এই জ্যেষ্ঠ নেতাজনক আদালতৰ মজিয়ালৈ টানি আনি এখন গোচৰ ৰুজু কৰাৰ দাবীৰে দাখিল কৰা এক আবেদনৰ ভিত্তিত বুধবাৰে দিল্লীৰ এখন আদালতে মুখ্যমন্ত্ৰীগৰাকীলৈ জাননী জাৰি কৰে। সমাজকৰ্মী হৰ্ষ মন্দাৰে দাখিল কৰা এক আবেদনৰ শুনানি গ্ৰহণ কৰি অতিৰিক্ত সত্ৰ ন্যায়াধীশ সনু অগ্নিহোত্ৰীয়ে এই নিৰ্দেশ প্ৰদান কৰিছে। উল্লেখ্য যে, ইয়াৰ পূৰ্বে নিম্ন আদালতে আঞ্চলিক অধিকাৰ ক্ষেত্ৰৰ দোহাই দি মুখ্যমন্ত্ৰী শৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ আবেদনখন খাৰিজ কৰিছিল। ইয়াৰ বিৰুদ্ধে হৰ্ষ মন্দাৰে সত্ৰ আদালতত এক পুনৰীক্ষণ আবেদন দাখিল কৰে। আবেদনকাৰীৰ অধিবক্তাই কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ‘জিৰ’ এফ আই আৰ’ সম্পৰ্কীয় নিয়মসমূহ আদালতৰ সন্মুখত ডাঙি ধৰি কয় যে যিকোনো গুৰুতৰ অপৰাধৰ তথ্য দেশৰ যিকোনো আৰক্ষী থানাতে দিব পাৰি। এই যুক্তিক গ্ৰহণ কৰি আদালতে অসমৰ মুখ্যমন্ত্ৰীক অহা ১৫ জুলাইৰ ভিতৰত ইয়াৰ উত্তৰ দিবলৈ হুকুম দিছে। সমগ্ৰ বিতৰ্কৰ সূত্ৰপাত হৈছিল অসমৰ তিনিচুকীয়া জিলাৰ ডিগবৈত যোৱা ২৭ জানুৱাৰীত অনুষ্ঠিত এটা কাৰ্যসূচীত মুখ্যমন্ত্ৰীগৰাকীয়ে দিয়া এটা ভাষণক কেন্দ্ৰ কৰি। আবেদনখনত উল্লেখ কৰা মতে, ড° শৰ্মাই সেই সভাত ভোটাৰ তালিকাৰ বিশেষ সংশোধন প্ৰক্ৰিয়াৰ জৰিয়তে অসমৰ পৰা চাৰি-পাঁচ লাখ মিঞা ভোটাৰৰ নাম কৰ্তন কৰা হ’ব বুলি এক সাম্প্ৰদায়িক মন্তব্য কৰিছিল। ইয়াৰ উপৰিও মিঞা সম্প্ৰদায়ৰ লোকসকলে সমস্যাৰ সন্মুখীন হ’লেহে অসম এৰিব বুলি কোৱাৰ লগতে তেওঁলোকে যাতে ভোটদান কৰিব নোৱাৰে তাক চৰকাৰে সুনিশ্চিত কৰিছে বুলিও মুখ্যমন্ত্ৰীয়ে লোকসকলক উচটনি দিয়াৰ অভিযোগ উত্থাপন হৈছে। এই স্পৰ্শকাতৰ বিষয়টোক লৈ এতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ত আইনী প্ৰক্ৰিয়া আৰম্ভ হোৱাত স্বাভাৱিকতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। Share this:FacebookX Related Post navigation কেনিয়াৰ এখন আৱাসিক বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড: ১৬ গৰাকী ছাত্ৰীৰ কৰুণ মৃত্যু হৃদয়বিদাৰক! লোভনীয় চাকৰি ত্যাগ কৰি খেতিত ধৰিছিল ৰোশন বালাকৃষ্ণ! কিন্তু বজ্ৰপাতে কাঢ়িলে প্ৰাণ