নিশা বিদ্যালয় আৱাসত সংঘটিত এই ভয়ংকৰ অগ্নিকাণ্ডত কৰুণ মৃত্যুক সাৱটিবলগীয়া হ’ল ১৬ গৰাকীকৈ কিশোৰীয়ে। কেনিয়াৰ ৰিফ্ট ভেলী অঞ্চলৰ এখন চৰকাৰী বালিকা বিদ্যালয়ৰ আৱাসিক গৃহত অৰ্ধৰাত্ৰি সংঘটিত হয় এই বুকু কঁপি উঠা কৰুণ ঘটনা। জুইৰ মাজত আৱদ্ধ হৈ আন প্ৰায় ৭৯ গৰাকী শিক্ষাৰ্থী গুৰুতৰভাৱে অগ্নিদগ্ধ হৈছে বুলি জানিব পৰা গৈছে।

পূব আফ্ৰিকাৰ দেশ কেনিয়াৰ গিলগিল চহৰত অৱস্থিত উটুমীশ্বী গাৰ্লছ একাডেমী ছিনিয়ৰ স্কুলত সংঘটিত হয় মৰ্মান্তিক ঘটনা। দেশখনৰ শিক্ষামন্ত্ৰী জুলিয়াছ মিগোছে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে, নিশা প্ৰায় ১২ বজাত আৱাসিক গৃহটোৰ ওপৰৰ অংশৰ পৰা জুইৰ সূত্ৰপাত ঘটে আৰু চকুৰ পচাৰতে সমগ্ৰ অট্টালিকাটোতে জুই বিয়পি পৰে। অগ্নি নিৰ্বাপক বাহিনী আৰু স্থানীয় ৰাইজে প্ৰায় দুঘণ্টা ধৰি অহৰহ চেষ্টা চলোৱাৰ পিছতহে জুই নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয়।

ঘটনাৰ পিছতে আঘাতপ্ৰাপ্ত আটাইকেইগৰাকী ছাত্ৰীকে ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও তাৰে ৭১ গৰাকী ছাত্ৰীক প্ৰাথমিক চিকিৎসাৰ পিছত ইতিমধ্যে ছুটি দিয়া হৈছে। ইফালে ঘটনাৰ খবৰ পাই বিদ্যালয়ৰ প্ৰৱেশদ্বাৰৰ সন্মুখত নিখোঁজ সন্তানৰ সন্ধানত আত্মীয়-স্বজনে ভিৰ কৰা দৃশ্যই পৰিৱেশ অত্যন্ত শোকাৱহ কৰি তোলে।

অৱশ্যে কি কাৰণত এই অগ্নিকাণ্ডৰ সৃষ্টি হ’ল, সেয়া এতিয়ালৈকে স্পষ্টকৈ জানিব পৰা হোৱা নাই বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে। আৰক্ষীৰ তৰফৰ পৰা সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰখা হৈছে।

উল্লেখ্য যে কেনিয়াত বিদ্যালয়সমূহত অগ্নিকাণ্ডৰ ঘটনা এক ডাঙৰ সমস্যা হিচাপে দেখা দিছে আৰু গৱেষকসকলৰ মতে কঠোৰ অনুশাসন তথা দুৰ্বল আন্তঃগাঁথনিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ একাংশ শিক্ষাৰ্থীয়ে নিজেই জুই লগাই দিয়াৰ নজীৰো আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *