মণিপুৰৰ টামেংলং আৰু ন’নী জিলাত দেওবাৰে সন্দেহযুক্ত উগ্ৰপন্থীৰ আক্ৰমণত দুগৰাকী মহিলাসহ প্ৰায় চাৰিজন লোক নিহত হয় ৷ মুখ্যমন্ত্রী ৱাই খেমচাঁদ সিঙে এই হত্যাকাণ্ডক লৈ গভীৰ শোক প্রকাশ কৰাৰ লগতে কঠোৰ ভাষাৰে সমালোচনা কৰে ৷আৰক্ষীৰ তথ্য অনুসৰি, পুৱা প্ৰায় ৪ বজাত টামেংলঙত সন্দেহযুক্ত উগ্ৰপন্থীৰ আক্ৰমণত দুজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে প্ৰায় ১২ ঘণ্টাৰ পিছত আন এটা আক্ৰমণত আন দুজন লোকৰ মৃত্যু হয় ।আৰক্ষীয়ে জনোৱা মতে, ইম্ফলৰ পৰা জিৰিবাম সংযোগী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত অৱস্থিত টোলেন কুকি গাঁৱৰ এটা ঘৰত সন্দেহযুক্ত উগ্ৰপন্থীয়ে আক্ৰমণ চলায় । এই আক্ৰমণত লিংগাংগাই চিংছিট নিহত হোৱাৰ বিপৰীতে তেওঁৰ স্বামী ছেইনাই চিংছিট আৰু কনিষ্ঠ পুত্ৰ আহত হয় । Share this:FacebookX Related Post navigation নেপালৰ চিলিমে জলবিদ্যুৎ প্ৰকল্পত উদ্ধাৰ অভিযান অব্যাহত ৭,৯০০ এমএএইছৰ বেটাৰীৰে ৰেডমি ১৭ ৫জি মুকলি, প্ৰাৰম্ভিক মূল্য ২৩,৯৯৯ টকা