গণেশগুৰি উৰণ সেতুত পুনৰ অংকন কৰা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিক লৈ সামাজিক মাধ্যমত অব্যাহত আছে বিতৰ্ক। ছবিখন বিকৃতভাৱে অংকন কৰা হৈছে বুলি একাংশ লোকে সমালোচনা কৰাৰ পাছত এইবাৰ সেই প্ৰতিক্ৰিয়াৰ উত্তৰ দিয়ে চিত্ৰশিল্পী মাৰ্শ্বেল বৰুৱাই। উল্লেখযোগ্য যে, মহানগৰীৰ গণেশগুৰি উৰণ সেতুৰ এটা খুঁটাত অংকিত জুবিন গাৰ্গৰ ছবি আৰু ‘কমৰেড নেভাৰ ডাই’ লিখনি মচি দিয়া কাৰ্যক কেন্দ্ৰ কৰি ৰাজ্যজুৰি সৃষ্টি হৈছিল ব্যাপক প্ৰতিক্ৰিয়াৰ। ইয়াৰ পিছতে ছবিখন পুনৰ অংকন কৰাৰ সিদ্ধান্ত লয় চিত্ৰশিল্পী মাৰ্শ্বেল বৰুৱাই। ১৮ জুনৰ নিশা আৰক্ষীৰ বাধাৰ মাজতো ভালেসংখ্যক জুবিন অনুৰাগীৰ উপস্থিতিত পুনৰ ছবিখন অংকন কৰে তেওঁ। কিন্তু সেই ছবিখনক লৈয়ে পুনৰ সামাজিক মাধ্যমত আৰম্ভ হয় সমালোচনা। একাংশ লোকে ছবিখন জুবিন গাৰ্গৰ সৈতে সামঞ্জস্য নথকা বুলি মন্তব্য কৰে। এই সমালোচনাৰ প্ৰত্যুত্তৰত প্ৰকাশ কৰা এক ভিডিঅ’ত মাৰ্শ্বেল বৰুৱাই কয় যে, ২০২৫ চনৰ ১৯ ছেপ্টেম্বৰৰ নিশা জুবিন গাৰ্গৰ বিয়োগৰ খবৰ পোৱাৰ পিছতে তেওঁ যোৰহাটৰ পৰা আহি গণেশগুৰিত ছবিখন আঁকিবলৈ আৰম্ভ কৰিছিল। তেওঁ উল্লেখ কৰে যে, সেই ছবিখন কেৱল তেওঁৰ একক সৃষ্টি নাছিল, সাধাৰণ ৰাইজেও তাত অংশগ্ৰহণ কৰি ছবিখন সম্পূৰ্ণ কৰিছিল। চিত্ৰশিল্পীগৰাকীয়ে আৰু কয় যে, সেই সময়ত জখলা, পৰ্যাপ্ত ৰং আদি প্ৰয়োজনীয় সা-সুবিধাৰ অভাৱ আছিল। তৎসত্ত্বেও ৰাইজৰ সহযোগত ছবিখন সম্পূৰ্ণ কৰা হৈছিল। সমালোচনাৰ প্ৰসংগত চিত্ৰশিল্পীগৰাকীয়ে কয় যে, জুবিন গাৰ্গৰ ছবিখন তেওঁ পুনৰ অধিক নিখুঁতভাৱে অংকন কৰাৰ চেষ্টা কৰিব। লগতে তেওঁ উল্লেখ কৰে যে, এইখন তেওঁৰ অংকন কৰা প্ৰথম জুবিন গাৰ্গৰ ছবি নহয়। ইয়াৰ পূৰ্বেও বহু সময়ত জুবিন গাৰ্গৰ প্ৰতিচ্ছবি অংকন কৰিছে বুলিও তেওঁ দাবী কৰে। উল্লেখ্য যে, গণেশগুৰিৰ এই ছবিখন আৰু ‘কমৰেড নেভাৰ ডাই’ লিখনিক কেন্দ্ৰ কৰি এতিয়াও সামাজিক মাধ্যমত বিভিন্ন মতামত আৰু প্ৰতিক্ৰিয়া অব্যাহত আছে। Share this:FacebookX Related Post navigation তিতাবৰত মৰ্মান্তিক ঘটনা! বজ্ৰ পৰি মৃত্যু দশম শ্ৰেণীৰ ছাত্ৰীৰ প্ৰতিচ্ছবি মচিলেই জুবিন নাইকিয়া নহয়ঃ জুবিনৰ ছবি মচি দিয়াক লৈ ৰাজনীতি নকৰিবলৈ আহ্বান পবিত্ৰ মাৰ্ঘেৰিটাৰ