মহিন্দ্ৰা গ্ৰুপৰ অন্তৰ্ভুক্ত মহিন্দ্ৰা ট্ৰাক এণ্ড বাছে ব্লেজো আই-টিআৰকে নামৰ এক নতুন প্ৰজন্মৰ গধুৰ বাণিজ্যিক বাহন মুকলি কৰিছে। পৰিবহণকাৰী আৰু বাহন মালিকসকলৰ বাবে ইয়াক ‘প্ৰফিট কা ৰকেট’ হিচাপে উপস্থাপন কৰা হৈছে। কোম্পানীটোৱে জনোৱা অনুসৰি গ্ৰাহকক অধিক উপাৰ্জন কৰা, অধিক চলোৱা আৰু অধিক নিয়ন্ত্ৰণ কৰাত সহায় কৰিবলৈ এই ট্ৰাকখনত ইন্ধনৰ নাটনি কম কৰা প্ৰযুক্তি, উন্নত প্ৰদৰ্শন, সংযোজিত প্ৰযুক্তি আৰু সেৱাৰ নিশ্চয়তাৰ এক অপূৰ্ব সংমিশ্ৰণ ঘটোৱা হৈছে। মহিন্দ্ৰাৰ মতে ব্লেজো আই-টিআৰকেই ১০% পৰ্যন্ত উন্নত ইন্ধন দক্ষতা প্ৰদান কৰে আৰু পাঁচ বছৰত প্ৰতিখন ট্ৰাকত ১৫ লাখ টকা পৰ্যন্ত অতিৰিক্ত লাভ জেনৰেট কৰাৰ সম্ভাৱনা আছে। ইয়াত টৰ্বোমেক্স, অপ্টিফুৱেল আৰু এআই-চালিত আইফুৱেলস্মাৰ্ট স্বয়ংক্ৰিয় ড্ৰাইভ ম’ডৰ লগতে ১,১০০ এনএম টৰ্ক উৎপাদন কৰিব পৰা ৭.২ লিটাৰৰ, ৩২০ এইচপি এমপাৱাৰ ইঞ্জিন ব্যৱহাৰ কৰা হৈছে।

এই ট্ৰাকখনৰ জৰিয়তে উদ্যোগটোত প্ৰথমবাৰৰ বাবে ৪৮ ঘণ্টাৰ আপটাইম গেৰাণ্টী প্ৰদান কৰা হৈছে। ইয়াৰ অধীনত যদি বাহনখন প্ৰতিশ্ৰুতি দিয়া সময়ৰ ভিতৰত মেৰামতি কৰি সক্ৰিয় কৰি তোলা নহয়, তেন্তে যোগ্য গ্ৰাহকসকলে প্ৰতিদিনে ১০,০০০ টকা লাভ কৰিব পাৰিব। ইয়াৰ উপৰিও মহিন্দ্ৰাই ২৫০টা জৰুৰী অংশ সামৰি এটা পাৰ্টছ চাপ্লাই গেৰাণ্টীও ঘোষণা কৰিছে, যাৰ অধীনত ২৪ ঘণ্টাৰ ভিতৰত প্ৰয়োজনীয় অংশ উপলব্ধ কৰাব নোৱাৰিলে যোগ্য অংশসমূহ বিনামূলীয়াকৈ যোগান ধৰা হ’ব। ব্লেজো আই-টিআৰকে ট্ৰাকখন আইমেক্স ২.০ টেলিমেটিক্সৰ সৈতে উপলব্ধ, যিয়ে ৰিম’ট এচি মেনেজমেণ্ট, ভেহিকল ক্ৰেংক ইনহিবিট, প্ৰেডিক্টিভ এলাৰ্ট, ফ্লীটচেন্স  ৰিপ’ৰ্ট আৰু স্ক’ৰমেক্স ড্ৰাইভাৰ এনালিটিক্সৰ সুবিধা প্ৰদান কৰে। ইয়াৰ ‘নাও২৪x৭’ এপে ডিজিটেল সেৱাৰ অনুৰোধ, পথৰ কাষৰ সাহায্য, স্পেয়াৰ-পাৰ্টছৰ অৰ্ডাৰ আৰু ব্ৰেকডাউন-ভানৰ লাইভ ট্ৰেকিং কৰাৰ সুবিধা প্ৰদান কৰে।

বাহনখনত কমফিমেক্স চাচপেণ্ডড ছীট, ইজিক্ৰুজ, এক প্ৰশস্ত এচি কেবিন, ব্লুটুথযুক্ত মনোৰঞ্জনৰ ব্যৱস্থা আৰু এৰ’কিট-ৰেডী ডিজাইনো অন্তৰ্ভুক্ত কৰা হৈছে। ট্ৰাক এণ্ড বাছ শাখাৰ অধ্যক্ষ তথা এছএমএল মহিন্দ্ৰাৰ কাৰ্যবাহী অধ্যক্ষ বিনোদ সহায়ে কয় যে, ব্লেজো আই-টিআৰকেই মহিন্দ্ৰাৰ বুদ্ধিমত্তাসম্পন্ন ট্ৰাক, নিৰ্ভৰযোগ্যতা আৰু গ্ৰাহকৰ সৈতে থকা দৃঢ় অংশীদাৰিত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰাক প্ৰতিফলিত কৰে। এই ট্ৰাকসমূহ বিভিন্ন ভেৰিয়েণ্ট আৰু কামৰ উপযোগীকৈ ৩টা ৰঙত উপলব্ধ হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *