উজনিৰ বন্যাৰ্তই আজমলৰ ভৰিত ধৰা প্ৰসংগক লৈ সোমবাৰৰ সংবাদমেলত প্ৰতিক্ৰিয়া ব্যক্ত কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে, দৃশ্যটো দেখি বৰ বেয়া লাগে।মুখ্যমন্ত্ৰীগৰাকীয়ে এই বিষয়টোক গুৰুত্ব সহকাৰে লোৱা বুলি উল্লেখ কৰি কয় যে, কেতিয়াবা মোৰ ভৰিতো বয়োজ্যেষ্ঠ বহুজনে আহি ধৰি দিয়েহি। তেতিয়া মোৰো বেয়া লাগে। মই ভৰিৰ পৰা উঠাবলৈ চেষ্টা কৰো। কিন্তু তেতিয়ালৈ ভৰিত ধৰিয়েই দিয়ে। মোৰো এনে ভিডিঅ’ যদি কেতিয়াবা ভাইৰেল হৈ যায়,তেতিয়াও সকলোৱে কিবা-কিবি ক’ব।কিন্তু পৰিৱেশ-পৰিস্থিতি সেই সময়ত কি আছিল সেয়া মই নাজানো। এনে দৃশ্যই স্বাভাৱিকতে সকলোকে দুখী কৰিব। Share this:FacebookX Related Post navigation ট্ৰাক অপাৰেটৰসকলৰ অধিক লাভজনক ব্লেজো আই-টিআৰকে মুকলি কৰিলে মহিন্দ্ৰাই জামিন লাভ নকৰিলে জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্ত শ্যামকানু মহন্তই