জনচন’ছ®️ বেবীয়ে শিশুসকলৰ ছালৰ যত্নৰ বাবে নিজৰ নতুন মিল্ক এণ্ড ৰাইচ সামগ্ৰীৰ শৃংখলা মুকলি কৰিছে। ইয়াৰ সৈতে সংগতি ৰাখি পৰম্পৰাগত ভাৰতীয় অন্নপ্ৰসন্ন উৎসৱৰ দ্বাৰা অনুপ্ৰাণিত হৈ ‘পোষন কা পেহলা স্পৰ্শ’ নামৰ এটা নতুন বিজ্ঞাপন অভিযান আৰম্ভ কৰা হৈছে। এই অভিযানে শিশুৰ জীৱনৰ প্ৰথম দিনবোৰৰ পৰাই কোমল ছালৰ পুষ্টিৰ ওপৰত গুৰুত্ব দি ছালৰ বাবে আহাৰৰ ৰীতি ধাৰণাটো উপস্থাপন কৰি এই সাংস্কৃতিক পৰম্পৰাটোক এক ন ৰূপত তুলি ধৰিছে।

জনচন’ছ®️ বেবীৰ এই নতুন ‘মিল্ক এণ্ড ৰাইচ’ সামগ্ৰীসমূহ গাখীৰৰ প্ৰ’টিন, ৰাইচ ব্ৰেন প্ৰ’টিন, ভিটামিন ই, গ্লিচাৰিন আৰু মাল্টিভিটামিন কমপ্লেক্সৰ সংমিশ্ৰণেৰে প্ৰস্তুত কৰা হৈছে। ই নৱজাত শিশুৰ কোমল ছালৰ সুৰক্ষা কৱচ শক্তিশালী কৰাত আৰু দীৰ্ঘসময়লৈ ছালখন আদ্ৰ কৰি ৰখাত সহায় কৰে। এই নতুন শৃংখলাটোত চাবোন, ৱাশ্ব এণ্ড চেম্পু, লোচন আৰু ফেচ এণ্ড বডী ক্ৰীম অন্তৰ্ভুক্ত কৰা হৈছে। কোম্পানীটোৱে জনোৱা মতে, এই আটাইকেইটা সামগ্ৰী ক্লিনিকেলভাৱে কোমল, পিএইচ সন্তুলিত আৰু হাইপ’এলাৰ্জেনিক বুলি প্ৰমাণিত হৈছে। আনহাতে, ইয়াৰ লোচন আৰু ফেচ এণ্ড বডী ক্ৰীমে ছালত ক্ষিপ্ৰতাৰে মিলি গৈ ২৪ ঘণ্টালৈকে আদ্ৰতা প্ৰদান কৰে।  

এই সামগ্ৰীসমূহ মুকলি কৰি জনচন’ছ®️ বেবীৰ গ্ৰুপ প্ৰডাক্ট মেনেজাৰ পীয়ুষ উনিক্কাটে কয় যে, শিশুৰ প্ৰথম খাদ্য হিচাপে গাখীৰ আৰু ভাত খুওৱাৰ পুৰণি পৰম্পৰাৰ পৰা অনুপ্ৰাণিত হৈয়েই এই অভিযান আৰম্ভ কৰা হৈছে। ইয়াৰ উদ্দেশ্য হৈছে শিশুৰ ছালৰ পুষ্টিৰ ধাৰণাটোক জীৱনৰ প্ৰথম দিনটোৰ পৰাই ছালৰ যত্নৰ সৈতে সংযোগ কৰা। এই বিজ্ঞাপনমূলক চুটি ছবিখনত এটি শিশুৰ অন্নপ্ৰসন্ন উৎসৱ আৰু পৰিয়ালৰ আনন্দ-উল্লাস প্ৰদৰ্শন কৰাৰ লগতে এই নতুন সামগ্ৰীসমূহ চিনাকি কৰাই দিয়া হৈছে। জনচন’ছ®️ বেবীয়ে জনোৱা মতে, দেশজুৰি পিতৃ-মাতৃসকলৰ সৈতে সংযোগ স্থাপন কৰিবলৈ এই প্ৰচাৰ অভিযান ডিজিটেল প্লেটফৰ্ম আৰু ছচিয়েল মিডিয়াৰ লগতে বিভিন্ন ইনফ্লুৱেন্সাৰৰ সহযোগত প্ৰচাৰ কৰা হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *