জালুকবাৰী আঞ্চলিক ৰাইজৰ সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত আৰু সন্মিলিত কামৰূপ কবি-সাহিত্য চক্ৰৰ সহযোগত অহা ২০ ছেপ্তেম্বৰত পুৱা ১০ বজাৰ পৰা জুবিন দিৱসৰ প্ৰথম বাৰ্ষিক শ্ৰদ্ধঞ্জলি অনুষ্ঠানৰ লগত সংগতি ৰাখি অসম আৰু অসমীয়াৰ সংস্কৃতিৰ বুকুৰ পৰা হেৰাই যাব ওলোৱা স্বাভিমান “বিয়ানাম” প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।বিয়ানাম প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিব বিচৰা আগ্ৰহী দল সমূহত ৫ জনৰ কম আৰু ৭ জনৰ বেছি সদস্যা হব নোৱাৰিব। প্ৰতিযোগিসকলে অসমীয়া সাজ পোচাক পৰিধান কৰিব লাগিব। প্ৰতিটো দলৰ বাবে ৭ মিনিট সময় থাকিব আৰু এই ৭ মিনিট সময়ৰ ভিতৰতে মঞ্চত প্ৰৱেশ আৰু প্ৰস্থান কৰিব লাগিব। প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিব বিচৰা দল সমূহে ১৮ ছেপ্টেম্বৰৰ ভিতৰত ৩০০ টকা ভৰ্তি মাচুলসহ নাম পঞ্জীয়ন কৰিব লাগিব। আৰু বিচাৰকৰ সিদ্ধান্তই চুড়ান্ত সিদ্ধান্ত হব। এই সন্দৰ্ভত কিবা জানিব বিচাৰিলে হৃষিকেশ দাস ( 8723904434 ) , সঞ্জয় বিশ্বাস ( 9577443305 ) , জ্যোৎস্না কলিতা ( 8472848594 ) , দেবেন দাস ( 7086437103 ) ৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে। প্ৰতিযোগিতাৰ প্ৰথম, দ্বিতীয়, তৃতীয়, দলক ক্ৰমে পাঁচ হাজাৰ, চাৰি হাজাৰ, তিনি হাজাৰ টকাসহ কিতাপৰ টোপোলা, একোখন মানপত্ৰ প্ৰদান কৰা হব।

By Tarali

Leave a Reply

Your email address will not be published. Required fields are marked *