প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে  জালুকবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত গড়ভঙা সংৰক্ষিত বনাঞ্চলত ১৭ ছেপ্টেম্বৰত  বনকর্মী আৰু স্থানীয় ৰাইজৰ সৈতে বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে অসম চৰকাৰৰ বিত্ত, বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। প্ৰধানমন্ত্ৰীৰ জন্মদিনৰ পৰা এমাহ জুৰি বিভিন্ন সেৱামূলক কাৰ্যসূচীৰ জৰিয়তে ‘সেৱা সংকল্প’ৰ ভাবনা জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ উদ্দেশ্যৰে এই বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । অনুষ্ঠানত অঞ্চলটোৰ স্থানীয় ৰাইজৰ লগতে ১৭ ছেপ্টেম্বৰত দিনটোত জন্মদিন পালন কৰা কেইবাগৰাকীও শিশুৱে অংশগ্ৰহণ কৰে। ইয়াৰ উপৰি, বন বিভাগৰ সিদ্ধান্ত অনুসৰি প্ৰতিটো বিধানসভা সমষ্টিতে একোখনকৈ ‘জন্মদিন সেউজ শপত উদ্যান’ স্থাপনৰ কাৰ্যসূচীৰ অংশ হিচাপে গড়ভঙা সংৰক্ষিত বনাঞ্চলত জালুকবাৰী সমষ্টিৰ ‘জন্মদিন সেউজ শপত উদ্যান’ৰ শিলান্যাস কৰে মন্ত্ৰী  জয়ন্ত মল্ল বৰুৱাই। এই উদ্যানসমূহত নাগৰিকসকলে নিজৰ জন্মদিনত বৃক্ষৰোপণ কৰাৰ লগতে গছপুলি সংৰক্ষণ আৰু সেউজ পৰিৱেশ গঢ়াৰ বাবে শপত গ্ৰহণ কৰিব পাৰিব।

সংবাদ মাধ্যমক সম্বোধন কৰি মন্ত্ৰী গৰাকীয়ে কয়, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ পৰা এমাহ ধৰি আমি বিভিন্ন সেৱামূলক কাৰ্যৰ মাজেৰে তেখেতৰ সেৱাৰ প্ৰেৰণা লোৱাৰ বাবে কাম কৰিছোঁ।  জন্মদিনৰ দিনাখন গড়ভঙা সংৰক্ষিত বনাঞ্চললৈ  আহি বনকর্মী আৰু স্থানীয় ৰাইজৰ সৈতে বৃক্ষৰোপণ কৰি এই সেৱামূলক কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। প্ৰত্যেক মানুহে নিজৰ জন্মদিনৰ দিনাখন এই উদ্যানলৈ আহি গছপুলি ৰোপণ কৰাৰ লগতে গছপুলি ৰক্ষা কৰা আৰু সেউজ ধৰণী গঢ়াৰ বাবে শপত ল’ব পাৰিব ।  ১৯২৬ চনৰ ১৫ ছেপ্টেম্বৰত প্ৰতিষ্ঠা কৰা গড়ভঙা সংৰক্ষিত বনাঞ্চলখনে  ইতিমধ্যে এশ বছৰ সম্পূৰ্ণ কৰিছে। এশ বছৰীয়া এই বনাঞ্চলখন সংৰক্ষণ কৰাটো চৰকাৰৰ লগতে স্থানীয় ৰাইজৰো সামূহিক দায়িত্ব । এশ বছৰীয়া পুৰণি বনাঞ্চলখনক আমি বচাই ৰাখিব লাগিব। স্থানীয় ৰাইজৰ সৈতে আলোচনা কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ জৰিয়তে বনাঞ্চলখন প্ৰকৃত অৰ্থত সুন্দৰভাৱে সংৰক্ষণ কৰিম । ৰাজ্যৰ বিভিন্ন বিধানসভা সমষ্টিত ইতিমধ্যে এনে ‘জন্মদিন সেউজ শপত উদ্যান’ ডিমৰীয়া সমষ্টিকে ধৰি বিভিন্ন সমষ্টিত এনে ধৰণৰ উদ্যান স্থাপনৰ কাম আৰম্ভ কৰা হৈছে । আগন্তুক  দুমাহৰ ভিতৰত প্ৰতিটো সমষ্টিতে একোখনকৈ এনে উদ্যান স্থাপনৰ লক্ষ্য লোৱা হৈছে।

গড়ভঙা সংৰক্ষিত বনাঞ্চলত ২৭০ বিধতকৈও অধিক প্ৰজাতিৰ পখিলা পোৱাটো অঞ্চলটোৰ জৈৱ-বৈচিত্ৰ্যৰ বাবে এক গৌৰৱৰ বিষয় ।  বনাঞ্চলখন সংৰক্ষিত হৈ থাকিলেহে পখিলাকে ধৰি বিভিন্ন প্ৰজাতিৰ জীৱ-জন্তু আৰু উদ্ভিদৰ বাবে উপযুক্ত প্ৰাকৃতিক পৰিৱেশ অক্ষুণ্ণ থাকিব । অনুষ্ঠানত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া,  বন বিভাগৰ বিশেষ মুখ্য সচিব  মহেন্দ্ৰ কুমাৰ যাদৱ, প্ৰধান মুখ্য বন সংৰক্ষক আৰু বন বাহিনীৰ মুৰব্বী সন্দীপ  কুমাৰ, অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষকদ্বয় পৱন কুমাৰ আৰু হৃদেশ মিশ্ৰ, মধ্য অসম চক্ৰৰ বন সংৰক্ষক চানি চৌধুৰী, পূব কামৰূপ বন সংমণ্ডলৰ বন সংমণ্ডল প্ৰাধিকাৰী অশোক কুমাৰ দেৱ চৌধুৰী , দক্ষিণ গুৱাহাটীৰ আঞ্চলিক বন বিষয়া ভগৱান কলিতাকে ধৰি  কেবাজনো বন  বিষয়া , বনকর্মী, স্থানীয় ৰাইজ আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *