শতাব্দীপ্ৰাচীন এক ধৰ্মীয় পৰম্পৰাই এইবাৰো দৃষ্টি আকৰ্ষণ কৰিছে দেশজুৰি। উত্তৰ প্ৰদেশৰ জৌনপুৰস্থিত ৰাস মণ্ডল জগন্নাথ মন্দিৰত ১৫ দিনীয়া ‘অনৱসৰ’ পৰ্ব সামৰি ভগৱান জগন্নাথৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰিলে এদল জ্যেষ্ঠ চিকিৎসকে। পৰীক্ষাৰ অন্তত চিকিৎসকসকলে জনায় যে, ভগৱান জগন্নাথ সম্পূৰ্ণ সুস্থ হৈ উঠিছে। ইয়াৰ পিছতেই আৰম্ভ হৈছে ৰথযাত্ৰাৰ চূড়ান্ত প্ৰস্তুতি।

হিন্দু ধৰ্মীয় বিশ্বাস অনুসৰি, স্নান পূৰ্ণিমাৰ দিনা মহাস্নানৰ পিছত ভগৱান জগন্নাথ, বলভদ্ৰ আৰু সুভদ্ৰা জ্বৰত আক্ৰান্ত হয়। ইয়াৰ পিছত ১৫ দিনলৈ দেৱ-দেৱীক জনসাধাৰণৰ দৰ্শনৰ পৰা আঁতৰাই ৰখা হয়। এই সময়ছোৱাক ‘অনৱসৰ’ বুলি কোৱা হয়।

অনৱসৰৰ সময়ত দেৱ-দেৱীক প্ৰতীকীভাৱে চিকিৎসা আগবঢ়োৱা হয়। পৰম্পৰা অনুসৰি, আয়ুৰ্বেদিক ঔষধ আৰু বিশেষ খাদ্য নিবেদন কৰা হয়। ভক্তসকলৰ বিশ্বাস অনুসৰি, এই সময়ত ভগৱানে মানুহৰ দৰেই অসুস্থতা অনুভৱ কৰি চিকিৎসা গ্ৰহণ কৰে।

অনৱসৰ পৰ্বৰ অন্তিম দিনা মন্দিৰত উপস্থিত হয় এদল জ্যেষ্ঠ চিকিৎসক। ডাঃ ৰাজনীশ শ্ৰীবাস্তৱ, ডাঃ স্মিতা শ্ৰীবাস্তৱ, ডাঃ অজিত কাপুৰ, ডাঃ অশোক আস্থানা, ডাঃ শৈলেশ কুমাৰ সিং, ডাঃ অলোক যাদৱ আৰু ডাঃ স্বাতী যাদৱে প্ৰতীকী স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰে।

চিকিৎসকসকলে পৰীক্ষাৰ অন্তত জনায় যে, ভগৱান জগন্নাথ সম্পূৰ্ণ সুস্থ হৈ উঠিছে আৰু ৰথযাত্ৰাত অংশগ্ৰহণৰ বাবে সাজু।

উল্লেখ্য যে, শতাব্দীধৰি চলি অহা এই পৰম্পৰাত ভগৱানক কেৱল পূজাৰ আৰাধ্য হিচাপেই নহয়, মানুহৰ দৰেই ৰোগ-শোক আৰু সুস্থতাৰ অভিজ্ঞতা লাভ কৰা এক জীৱন্ত সত্তা হিচাপেও প্ৰতীকীভাৱে উপস্থাপন কৰা হয়। এইবাৰো চিকিৎসকৰ স্বাস্থ্য পৰীক্ষাৰ ভিডিঅ’ সামাজিক মাধ্যমত ব্যাপকভাৱে ভাইৰেল হোৱাৰ পিছত পুনৰ আলোচনালৈ আহিছে এই ব্যতিক্ৰমী ধৰ্মীয় পৰম্পৰা।

Leave a Reply

Your email address will not be published. Required fields are marked *