ভাৰতৰ বীমা নিয়ন্ত্ৰক কৰ্তৃপক্ষই জীৱন বীমাৰ ধাৰণাসমূহ সৰল কৰিবলৈ আৰু বিত্তীয় সাক্ষৰতা উন্নত কৰাৰ উদ্দেশ্যে গ্ৰাহক সজাগতামূলক এক কমিক বুক শৃংখলা মুকলি কৰিছে। সকলোৰে বাবে বীমাৰ লক্ষ্যত উপনীত হ’বলৈ বীমা উদ্যোগে চলোৱা প্ৰচেষ্টাৰ অংশ হিচাপে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।ৰাষ্ট্ৰীয় বীমা সজাগতা দিৱস উদযাপনৰ সময়ত ভাৰতীয় বীমা নিয়ন্ত্ৰক আৰু উন্নয়ন কৰ্তৃপক্ষ (আইআৰডিএআই)ৰ অধ্যক্ষ অজয় শেঠে এই কমিক বুক শৃংখলা উন্মোচন কৰে। দেশজুৰি থকা ব্যক্তি আৰু পৰিয়ালসমূহৰ বাবে বীমা সামগ্ৰীসমূহ অধিক সুলভ, বোধগম্য আৰু প্ৰাসংগিক কৰি তুলিবলৈ এই পদক্ষেপে জীৱন বীমা খণ্ডৰ নেতৃবৃন্দক একগোট কৰিছে।এই শিক্ষামূলক শৃংখলাত কোনো ধৰণৰ কাৰিকৰী বা জটিল ভাষাৰ পৰিৱৰ্তে আকৰ্ষণীয় সাধুৰ জৰিয়তে জীৱন বীমাৰ গুৰুত্বপূৰ্ণ ধাৰণাসমূহ, যেনে— মেৰীড ৱমেনচ প্ৰপাৰ্টি এক্ট, ৱেইভাৰ অৱ প্ৰিমিয়াম আৰু ক্ৰিটিকেল ইলনেচ ৰাইডাৰ আদি সহজকৈ বুজাই দিয়া হৈছে। এই কমিকৰ কাহিনীটো সুপ্ৰিয়া নামৰ এগৰাকী যুৱতী জীৱন বীমা উপদেষ্টাৰ ওপৰত কেন্দ্ৰিত, যিয়ে দেখুৱাইছে কেনেকৈ সময়োপযোগী বিত্তীয় সিদ্ধান্তই পৰিয়ালসমূহক দীৰ্ঘম্যাদী নিৰাপত্তা প্ৰদান কৰিব পাৰে।এই অনুষ্ঠানত ভাষণ প্ৰদান কৰি ইঞ্চুৰেন্স এৱেৰনেচ কমিটী-লাইফ-ৰ অধ্যক্ষ কমলেশ ৰাৱে কয় যে বিত্তীয় প্ৰস্তুতি শক্তিশালী কৰাটো ভাৰতৰ দীৰ্ঘম্যাদী অৰ্থনৈতিক স্থিৰতাৰ বাবে অপৰিহাৰ্য। এই কমিক বুকৰ পদক্ষেপে জীৱন বীমাৰ মূল্য গ্ৰাহকৰ ওচৰ চপাই নিয়াত সহায় কৰিব। ইয়াৰ উপৰি তেওঁ সবচে পহলে লাইফ ইঞ্চুৰেন্স অভিযানৰ দ্বিতীয় পৰ্যায়ৰ অগ্ৰগতিৰ কথা উল্লেখ কৰাৰ লগতে সমিতিখনৰ ভৱিষ্যতৰ অগ্ৰাধিকাৰসমূহৰ ৰেখাচিত্ৰ দাঙি ধৰে।লাইফ ইন্সিওৰেন্স কাউঞ্চিলৰ সাধাৰণ সম্পাদক আদিত্য গুপ্তাই কয় যে এই পদক্ষেপে বীমা সম্পৰ্কীয় আলোচনা সৰল, আকৰ্ষণীয় আৰু সহজলভ্য কৰি তুলিব। লগতে বিত্তীয় পৰিকল্পনাৰ এক গুৰুত্বপূৰ্ণ অংশ হিচাপে জীৱন বীমাৰ ওপৰত জনসাধাৰণৰ বিশ্বাস শক্তিশালী কৰিব।এই মুকলি অনুষ্ঠানৰ অংশ হিচাপে “ভাৰতৰ প্ৰশ্ন: জীৱন বীমাক কিয় অগ্ৰাধিকাৰ দিব?” শীৰ্ষক এক পেনেল আলোচনাও অনুষ্ঠিত হয়। বিত্তীয় সাংবাদিক ছোনিয়া শেনয়ৰ সঞ্চালনাত অনুষ্ঠিত হোৱা এই আলোচনাত কমলেশ ৰাও, এলআইচি-ৰ পৰিচালন সঞ্চালক দোৰাইস্বামী, পিএনবি মেটলাইফৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া সমীৰ বাঞ্চালি আৰু ইণ্ডিয়াফাৰ্ষ্ট লাইফ ইঞ্চুৰেন্সৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া ঋষভ গান্ধীয়ে অংশগ্ৰহণ কৰে। এই আলোচনাৰ মূল কেন্দ্ৰবিন্দু আছিল সমগ্ৰ ভাৰততে সজাগতা বৃদ্ধি কৰা আৰু জীৱন বীমা গ্ৰহণৰ হাৰ বৃদ্ধি কৰা।উদ্যোগৰ তথ্য অনুসৰি, ভাৰতৰ জীৱন বীমা খণ্ডই ২০২৬ বিত্তীয় বৰ্ষত নতুন ব্যৱসায়িক প্ৰিমিয়াম (এনবিপি)-ৰ ক্ষেত্ৰত বছৰি ১৫.৭ শতাংশ বিকাশ লাভ কৰিছে আৰু ২.৮৩ কোটিতকৈও অধিক পলিচী জাৰী কৰিছে। অৱশ্যে, উদ্যোগটোৰ মুৰব্বীসকলে লক্ষ্য কৰিছে যে অৰ্থনৈতিক বিকাশৰ তুলনাত বীমাৰ প্ৰসাৰ এতিয়াও পিছপৰি আছে, যিয়ে ধাৰাবাহিক সজাগতা আৰু বিত্তীয় সাক্ষৰতা অভিযানৰ প্ৰয়োজনীয়তাক সূচাইছে। ২০১৯ চনত লাইফ ইঞ্চুৰেন্স কাউঞ্চিলৰ অধীনত গঠন হোৱা ইঞ্চুৰেন্স এৱেৰনেচ কমিটীয়ে জানিবলৈ দিয়ে যে ৮৭ শতাংশ ভাৰতীয়ই এতিয়াও জীৱন বীমা সুৰক্ষাৰ অভাৱৰ সন্মুখীন হৈছে, যি হাৰ ১৮ৰ পৰা ৩৫ বছৰ বয়সৰ লোকৰ মাজত ৯০ শতাংশতকৈও অধিক। Share this:FacebookX Related Post navigation ভাৰতত বাহন অভিযান্ত্ৰিকতা উন্নত কৰাৰ বাবে আইআইটি কানপুৰৰ সৈতে ৰেন’ৰ চুক্তি জেন জি আৰু ভাৰতৰ গ্ৰাম্য তথা অৰ্ধ-চহৰীয়া অঞ্চলৰ চাহিদাৰ বাবে ফ্লিপকাৰ্টৰ খাদ্য আৰু পুষ্টি শিতানত ৫০% বৃদ্ধি