ৰাজ্যৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ বাবে আহিছে এক গুৰুত্বপূৰ্ণ খবৰ। অহা ২৮ এপ্ৰিলত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব বুলি সদৰী কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। বুধবাৰে নিজৰ এক্স হেণ্ডেলত এক পোষ্টৰ জৰিয়তে এই কথা জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। চলিত বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলৰ দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পেলাই এই দিনটোতে ঘোষণা কৰা হ’ব পৰীক্ষাৰ ফলাফল। শিক্ষা বিভাগৰ এক সূত্ৰই জনোৱা মতে, ২৮ এপ্ৰিলৰ পুৱা ১০ বজাৰ লগে লগে ফলাফল ঘোষণা কৰাৰ সম্ভাৱনা আছে। কলা, বিজ্ঞান আৰু বাণিজ্য- তিনিওটা শাখাৰ ফলাফল একেলগে মুকলি কৰিব শিক্ষা সংসদে। ফলাফল লাভ কৰাৰ সুবিধাৰ বাবে ইতিমধ্যে কেইবাটাও অনলাইন ৱেবছাইট সাজু কৰি তোলা হৈছে। ফলাফল ঘোষণাৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যজুৰি পৰীক্ষাৰ্থীসকলৰ মাজত এতিয়া বৃদ্ধি পাইছে তীব্ৰ উৎকণ্ঠা। উল্লেখ্য যে চলিত বৰ্ষৰ ফলাফল পূৰ্বৰ তুলনাত অধিক উন্নত হ’ব বুলি আশাবাদী শিক্ষা সংসদৰ বিষয়াসকল। ফলাফল ঘোষণাৰ লগে লগে ছাত্ৰ-ছাত্ৰীসকলে নিজৰ ৰোল নম্বৰ ব্যৱহাৰ কৰি ইণ্টাৰনেটৰ জৰিয়তে মাৰ্কশ্বিটসমূহ সংগ্ৰহ কৰিব পাৰিব। ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ সৈতে জড়িত এই ফলাফল সুচাৰুৰূপে প্ৰদান কৰিবলৈ সকলো যাৱতীয় ব্যৱস্থা সম্পূৰ্ণ কৰিছে বিভাগে। Share this:FacebookX Related Post navigation অসমৰ বজাৰত আকৌ বৃদ্ধি পালে কণীৰ মূল্য; প্ৰতিখন ক্ৰেটত ৩০ টকালৈকে মূল্য বৃদ্ধি