নিত্য-প্ৰয়োজনীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ মাজতে ৰাজ্যৰ বজাৰত পুনৰ কণীৰ দৰ বৃদ্ধি পোৱা ঘটনাই জুৰুলা কৰিছে সাধাৰণ গ্ৰাহকক। গুৱাহাটীৰ জু-ৰোডৰ এগৰাকী ব্যৱসায়ীয়ে জনোৱা মতে, পূৰ্বে ১৭০ টকাত বিক্ৰী হোৱা প্ৰতিখন কণীৰ ক্ৰেটৰ মূল্য এতিয়া ২০০ টকালৈ বৃদ্ধি পাইছে। অতি কম সময়ৰ ভিতৰতে প্ৰতিখন ক্ৰেটত ৩০ টকাকৈ বৃদ্ধি পাই মধ্যবিত্তৰ পাকঘৰত এতিয়া মাধমাৰ শোধাইছে এই মূল্যবৃদ্ধিয়ে।

কেৱল খুচুৰা বজাৰতে নহয়, পাইকাৰী বজাৰতো এক নতুন অভিলেখ গঢ়িছে কণীৰ মূল্যই। বৰ্তমান প্ৰতি কাৰ্টন কণীৰ মূল্য পূৰ্বৰ ১১৫০ টকাৰ পৰা ১২০০ টকালৈ বৃদ্ধি পাইছে। পুষ্টিকৰ খাদ্যৰ এক সুলভ উৎস হিচাপে পৰিচিত কণীৰ এই দ্ৰুত বৃদ্ধিয়ে এতিয়া বিপাঙত পেলাইছে নিম্নবিত্ত পৰিয়ালসমূহক। বজাৰত যোগানৰ নাটনি আৰু পৰিবহণ ব্যয় বৃদ্ধিৰ বাবেই কণীৰ দৰত এই অস্থিৰতাৰ সৃষ্টি হৈছে বুলি মত প্ৰকাশ কৰিছে বজাৰ বিশেষজ্ঞসকলে।

চৰকাৰীভাৱে এই সন্দৰ্ভত কোনো স্পষ্টীকৰণ দিয়া হোৱা নাই যদিও কণীৰ চাহিদাই যোগানক অতিক্ৰম কৰা বুলি ধাৰণা কৰিছে বিশেষজ্ঞসকলে। ঋতু পৰিৱৰ্তনৰ লগে লগে কণীৰ চাহিদা বৃদ্ধি পোৱাৰ বিপৰীতে বাহিৰৰ পৰা অহা যোগান হ্ৰাস পোৱাৰ ফলত বজাৰত এই প্ৰভাৱ পৰিছে। এতিয়া সুলভ মূল্যৰ এই প্ৰটিনৰ উৎসটোৰ স্থিৰতাৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ হস্তক্ষেপ বিচাৰিছে সচেতন গ্ৰাহকে। চৰকাৰী নিয়ন্ত্ৰণৰ অভাৱত খুচুৰা ব্যৱসায়ীসকলে নিজ ইচ্ছামতে দাম নিৰ্ধাৰণ কৰা বুলিও বহু গ্ৰাহকে অভিযোগ উত্থাপন কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *