বিদেশী ঘোষণা কৰা ২৭ জনৰ গোচৰ নতুনকৈ বিচাৰৰ পথ মুকলি কৰি গুৰুত্বপূৰ্ণ ৰায় দিলে উচ্চতম ন্যায়ালয়ে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায় বাতিল কৰাৰ লগতে সংশ্লিষ্ট বিদেশী ন্যায়াধিকৰণক আইন অনুসৰি পুনৰ শুনানি গ্ৰহণৰ নিৰ্দেশ দিয়ে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। বিচাৰপতি বিক্ৰম নাথ আৰু বিচাৰপতি সন্দীপ মেহতাৰ বিচাৰপীঠে স্পষ্ট কৰে যে নাগৰিকত্ব বা বিদেশী হিচাপে কাৰোবাক চিনাক্ত কৰাৰ প্ৰক্ৰিয়া “ন্যায্য, আইনী আৰু যুক্তিসংগত” হোৱাটো বাধ্যতামূলক। কেৱল বিদেশী আইন, ১৯৪৬-ৰ ৯ নং ধাৰাত প্ৰমাণৰ দায়িত্ব অভিযুক্ত ব্যক্তিৰ ওপৰত ন্যস্ত থকাৰ বাবেই ন্যায়সংগত শুনানিৰ অধিকাৰ খৰ্ব কৰিব নোৱাৰিব। বিচাৰপীঠে কয়, “নাগৰিকত্ব আৰু বিদেশী হিচাপে কাৰোবাৰ মৰ্যাদা সংবিধান আৰু আইনৰ দৃষ্টিত অতি গুৰুত্বপূৰ্ণ বিষয়। ভাৰতীয় নাগৰিকত্ব লাভৰ অধিকাৰ নথকা ব্যক্তিয়ে মিছা দাবী বা প্ৰক্ৰিয়াৰ অপব্যৱহাৰৰ জৰিয়তে নাগৰিকত্ব নাপায়, সেয়া নিশ্চিত কৰাটো ৰাজ্যৰ বৈধ দায়িত্ব। কিন্তু সেই সিদ্ধান্ত ন্যায্য, আইনী আৰু যুক্তিসংগত প্ৰক্ৰিয়াৰে ল’বই লাগিব।” উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে, আবেদনকাৰীসকলৰ নাগৰিকত্বৰ দাবী বা তেওঁলোকে দাখিল কৰা নথিপত্ৰৰ সত্যতা সম্পৰ্কে আদালতে কোনো মতামত প্ৰকাশ কৰা নাই। এই সকলো বিষয় সংশ্লিষ্ট বিদেশী ন্যায়াধিকৰণে স্বাধীনভাৱে পুনৰ পৰীক্ষা কৰিব। লগতে আদালতে কয় যে গোচৰ পুনৰ ন্যায়াধিকৰণলৈ ওভতাই পঠিওৱাৰ অৰ্থ আবেদনকাৰীসকলক কোনো বিশেষ ৰেহাই দিয়া নহয়। পূৰ্বৰ মতামতৰ প্ৰভাৱমুক্ত হৈ আইনৰ ভিত্তিত নতুনকৈ শুনানি অনুষ্ঠিত কৰিব লাগিব। উল্লেখ্য যে, পূৰ্বে বিদেশী ন্যায়াধিকৰণে একপক্ষীয়ভাৱে ২৭ জন ব্যক্তিক বিদেশী ঘোষণা কৰিছিল। সেই ৰায়ৰ বিৰুদ্ধে দাখিল কৰা আবেদন গুৱাহাটী উচ্চ ন্যায়ালয়ে খাৰিজ কৰিছিল। ন্যায়াধিকৰণৰ জাননী লাভ কৰাৰ পাছতো আবেদনকাৰীসকলে হাজিৰ হোৱা নাছিল আৰু প্ৰায় ২৩ বছৰৰ পাছতহে ৰায়খনক প্ৰত্যাহ্বান জনাইছিল বুলি উচ্চ ন্যায়ালয়ে মন্তব্য কৰিছিল। এতিয়া সেই ৰায় বাতিল কৰি গোচৰসমূহ নতুনকৈ শুনানিৰ নিৰ্দেশ দিয়ে উচ্চতম ন্যায়ালয়ে। Share this:FacebookX Related Post navigation অসম-নেপালী সাহিত্য জগতলৈ অপূৰণীয় ক্ষতি; পদ্মশ্ৰী গীতা উপাধ্যায়ৰ দেহাৱসান ৰাম মন্দিৰৰ দান কেলেংকাৰীতকৈও ডাঙৰ ৱাকফ কেলেংকাৰী! তদন্তৰ দাবীত যোগীলৈ পত্ৰ