দেশৰ আন প্ৰান্তত উৎকট গৰমে জনসাধাৰণক জ্বলা-ক’লা খুৱাই থকাৰ বিপৰীতে অসমত ধাৰাসাৰ বৰষুণে সৃষ্টি কৰিছে এক ভিন্ন পৰিস্থিতি। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সোমবাৰে সমগ্ৰ ৰাজ্যতে আগন্তুক দুদিনৰ বাবে জাৰি কৰে বিশেষ সতৰ্কবাণী। বিগত ২৪ ঘণ্টাত ৰাজ্যৰ প্ৰায় সকলো ঠাইতে বৰষুণ হোৱাৰ লগতে গুৱাহাটী মহানগৰীত দেওবাৰে গড়ে ১১৭ মিলিমিটাৰ বৃষ্টিপাত নথিভুক্ত কৰা হয়। মহানগৰীত বৰষুণৰ এই পৰিমাণে ২০০৪ চনৰ ১১৬.৫ মিলিমিটাৰৰ অভিলেখ ভংগ কৰি বিগত ২২ বছৰৰ ভিতৰত সৰ্বাধিক হিচাপে পৰিগণিত হৈছে।

বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি, বুধবাৰৰ পুৱা পৰ্যন্ত অসমৰ বিভিন্ন প্ৰান্তত বিজুলী-ঢেৰেকণিৰ সৈতে বজ্ৰপাত আৰু ধাৰাসাৰ বৰষুণ হোৱাৰ প্ৰবল সম্ভাৱনা আছে। এই সময়ছোৱাত ঘণ্টাত ৫০-৬০ কিলোমিটাৰ বেগত ধুমুহা বতাহ বলাৰ সম্ভাৱনা থকাৰ পৰিপ্ৰেক্ষিতত বিভাগীয় কৰ্তৃপক্ষই জনসাধাৰণক সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে। আগন্তুক এসপ্তাহলৈ অসম আৰু মেঘালয়ত বৰষুণৰ এই ধাৰা অব্যাহত থাকিব পাৰে বুলি সদৰী কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।

ৰাজ্যত হঠাৎ বৃদ্ধি পোৱা বৰষুণৰ মাত্ৰাক লৈ সৃষ্টি হোৱা আশংকাৰ সন্দৰ্ভত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী ডাঃ সঞ্জয় অ’নীল শ্ব’ৱে কয়, “উত্তৰ-পূৰ্বাঞ্চলত বৰ্তমান হৈ থকা বৰষুণ প্ৰাক-মৌচুমী কালৰ বাবে স্বাভাৱিক। এই সময়ছোৱাত বজ্ৰপাতসহ বৰষুণ এক সাধাৰণ প্ৰাকৃতিক পৰিঘটনা, গতিকে জনসাধাৰণে আতংকিত হোৱাৰ প্ৰয়োজন নাই।” তেওঁ লগতে জনসাধাৰণক বতৰ বিজ্ঞান কেন্দ্ৰৰ শেহতীয়া তথ্যৰ ওপৰত চকু ৰাখিবলৈ আহ্বান জনায়।

কেন্দ্ৰীয় বতৰ বিজ্ঞান বিভাগৰ শেহতীয়া পূৰ্বাভাস অনুসৰি, সমগ্ৰ ভাৰততে জুনৰ পৰা ছেপ্টেম্বৰ মাহলৈ দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ প্ৰভাৱত স্বাভাৱিক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে মধ্য আৰু দক্ষিণ ভাৰততকৈ উত্তৰ-পূৰ্বাঞ্চলৰ লগতে উত্তৰ ভাৰতৰ কিছুমান নিৰ্দিষ্ট অঞ্চলত এইবাৰ স্বাভাৱিকতকৈ অধিক বৰষুণ হোৱাৰ সম্ভাৱনাই দেখা দিছে। বৰ্তমানৰ এই প্ৰাক-মৌচুমী বৰষুণৰ ধাৰাই ৰাজ্যৰ জনসাধাৰণক উৎকট গৰমৰ পৰা কিছু সকাহ দিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *