পশ্চিমবংগত বিজেপি কৰ্মীৰ ওপৰত চলি থকা ৰাজনৈতিক আক্ৰমণ বন্ধ নহ’লে ৰাষ্ট্ৰপতি শাসন জাৰি কৰিব কেন্দ্ৰীয় চৰকাৰে। মঙলবাৰে নিৰ্বাচনী প্ৰচাৰৰ মাজতে এই বিস্ফোৰক দাবী কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৪ মে’ৰ পাছত যদি এজনো বিজেপি কৰ্মীক লক্ষ্য কৰি লোৱা হয়, তেন্তে কেন্দ্ৰই নীৰৱে নাথাকি সংবিধানৰ ৩৫৬ ধাৰা প্ৰয়োগ কৰিবলৈ বাধ্য হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মমতা বেনাৰ্জীৰ চৰকাৰক স্পষ্ট সকীয়ানি দিয়ে।

তৃণমূল কংগ্ৰেছৰ ৰাজনৈতিক হিংসাৰ বিৰুদ্ধে ভাষণ দি হিমন্ত বিশ্ব শৰ্মাই কয়, “বিজেপিৰ এজনো কৰ্মীৰ ওপৰত যদি আক্ৰমণ হয়, তেন্তে তাৰ পৰিণাম হ’ব ভয়ংকৰ। ৪ মে’ৰ পাছত যদি কোনোবাই আমাৰ কৰ্মীক ভয় দেখুৱাবলৈ চেষ্টা কৰে, তেন্তে আমি গণতান্ত্ৰিক পদ্ধতিৰে ইয়াৰ উপযুক্ত প্ৰত্যুত্তৰ দিম আৰু আইন অনুসৰি দোষীক কঠোৰ শাস্তি বিহা হ’ব।” বংগৰ শাসকীয় পক্ষক উদ্দেশ্যি দিয়া এই ভাষ্যত তেওঁ স্পষ্ট কৰি দিয়ে যে বিজেপি কৰ্মীক লক্ষ্য কৰি লোৱা যিকোনো কাৰ্যক কোনো কাৰণতে সহ্য কৰা নহ’ব।

মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ চৰকাৰক লক্ষ্য কৰি লৈ শৰ্মাই লগতে কয়, “পশ্চিমবংগত যিধৰণে ৰাজনৈতিক হিংসা বৃদ্ধি পাইছে, তেনেস্থলত কেন্দ্ৰীয় চৰকাৰে সাংবিধানিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ’ব। যদি চৰকাৰে আইন-শৃংখলা নিয়ন্ত্ৰণ কৰিব নোৱাৰে, তেন্তে ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তনৰ সম্ভাৱনাকো নাকচ কৰিব নোৱাৰি।” এই ভাষণৰ জৰিয়তে তেওঁ বংগৰ হিংসাত্মক পৰিৱেশৰ বিৰুদ্ধে সৰ্বোচ্চ আইনী পদক্ষেপ লোৱাৰ ইংগিত দিয়ে। উল্লেখ্য যে তৃণমূল কংগ্ৰেছে ইতিপূৰ্বে এই অভিযোগসমূহ অস্বীকাৰ কৰি ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতি সম্পূৰ্ণ নিয়ন্ত্ৰণত থকা বুলিহে দাবী কৰি আহিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *