পৰিয়ালৰ জীৱিকা নিৰ্বাহৰ দায়িত্ব কান্ধত তুলি প্ৰতিদিনৰ দৰে কৰ্মস্থলীলৈ ওলাই গৈছিল চাৰি সহোদৰ ভাতৃ। কিন্তু সন্ধিয়া ঘৰলৈ উভতি অহাৰ প্ৰতিশ্ৰুতি অপূৰণীয় হৈ ৰ’ল। ৰাজস্থানৰ বালোতৰা জিলাত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰ চাৰি সহোদৰ ভাতৃৰ মৃত্যুৰ খবৰে শোকাহত কৰিছে সমগ্ৰ অঞ্চলবাসীক। মৃত লোককেইজন হৈছে উদাৰাম (৩৯), ৰেখাৰাম (৩৫), যোগাৰাম (৩১) আৰু বিষ্ণাৰাম (২৯)। চাৰিওজন ভাতৃ মজুৰিৰ কাম কৰিবলৈ একেখন বাহনেৰে ওলাই গৈছিল। সাধাৰণতে বিভিন্ন স্থানত কাম পোৱা ভাতৃকেইজনে এইবাৰ একেখন ঠাইতে কাম লাভ কৰিছিল। খবৰ অনুসৰি, পাটোদী এলেকাৰ ওচৰে-পাজৰে তেওঁলোকৰ বাহনখন এখন ৰাজ্যিক পৰিবহণ নিগমৰ বাছৰ সৈতে মুখামুখি সংঘৰ্ষত পতিত হয়। দুৰ্ঘটনাত ঘটনাস্থলীতে মৃত্যু ঘটে চাৰিওজন ভাতৃৰ। একেলগে চাৰিজন পুত্ৰক হেৰুৱাই শোকত ভাঙি পৰিছে পিতৃ ভঁৱৰলাল আৰু মাতৃ। গাঁওবাসীৰ মতে, পৰিয়ালটোৰ ভৰণ-পোষণৰ মূল দায়িত্ব চাৰিওজন ভাতৃয়েই বহন কৰি আহিছিল। বৃদ্ধ পিতৃ-মাতৃ আৰু আইতাকৰ লগতে পৰিয়ালৰ আন সদস্যসকলেও তেওঁলোকৰ উপাৰ্জনৰ ওপৰতে নিৰ্ভৰশীল আছিল। চাৰি ভাতৃৰ ভিতৰত তিনিজন বিবাহিত আছিল। উদাৰামে এৰি থৈ গৈছে দুগৰাকী কন্যা আৰু এজন পুত্ৰ। আনহাতে ৰেখাৰাম আৰু বিষ্ণাৰামৰ দুজনকৈ পুত্ৰ সন্তান আছে। আটাইতকৈ সৰু যোগাৰাম অবিবাহিত আছিল। স্থানীয় লোকসকলৰ ভাষ্য অনুসৰি, কৰ্মস্থলীলৈ ৰাওনা হোৱাৰ পূৰ্বে ঘৰৰ লোকক সন্ধিয়াৰ ভিতৰত উভতি অহাৰ কথাই কৈ গৈছিল ভাতৃকেইজনে। কিন্তু সেই যাত্ৰাই শেষ যাত্ৰালৈ ৰূপ লয়। ঘটনাৰ খবৰ বিয়পি পৰাৰ পিছতে কোডুকা গাঁৱত শোকৰ পৰিৱেশৰ সৃষ্টি হয়। মৃতদেহ উদ্ধাৰ আৰু আন আন আইনী প্ৰক্ৰিয়া সম্পন্ন কৰাৰ পিছত চাৰিওজন ভাতৃৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। ঘটনাৰ পিছতে স্থানীয় বাসিন্দা আৰু জনপ্ৰতিনিধিসকলে ক্ষতিগ্ৰস্ত পৰিয়ালটোৰ বাবে উপযুক্ত ক্ষতিপূৰণ, সংস্থাপন আৰু সহায়-সহযোগিতাৰ দাবী উত্থাপন কৰিছে। প্ৰশাসনৰ সৈতে হোৱা আলোচনাৰ অন্তত সহায়ৰ আশ্বাস দিয়াত চলি থকা প্ৰতিবাদ কাৰ্যসূচীও সাময়িকভাৱে সমাপ্ত কৰা হয়। Share this:FacebookX Related Post navigation খাৰুৱা তেলৰ মূল্য কমিলেও তৎক্ষণাৎ ইন্ধনৰ দাম হ্ৰাস সম্ভৱ নহয়ঃ কেন্দ্ৰীয় মন্ত্ৰী সুৰেশ গোপী বিধায়ক হাবে টেৰণক বিধানসভাৰ উপাধ্যক্ষ পদৰ প্ৰাৰ্থী ঘোষণা শাসকীয় মিত্ৰজোঁটৰ