পাণ খোৱা বহুতৰে অভ্যাস। বিশেষকৈ খাদ্য গ্ৰহণৰ পাছত বহুতকে পাণ লাগে। কিন্তু শুনি আচৰিত হ’ব, ই এক ভাল অভ্যাস। কিয়নো পাণৰ আছে বহু আচৰিত গুণ। যি স্বাস্থ্যৰ বাবে ভাল।বহু ভাৰতীয়ই পাণ খাই ভালপায় ৷ প্ৰায়ে মানুহে খাদ্য খোৱাৰ পিচত ইয়াৰ সোৱাদ উপভোগ কৰে ৷ সোৱাদত ভাল হোৱাৰ উপৰিও পাণৰ স্বাস্থ্যৰ বাবেও বহু উপকাৰিতা সাধন কৰে, কিন্তু আপুনি জানেনে যে পাণ পানীত উতলাই এই পানী পান কৰাটো স্বাস্থ্যৰ বাবে কিমান উপকাৰিতা সাধন কৰে ৷ জানো আহক ইয়াৰ উপকাৰিতাসমূহ-পাণৰ পাতৰ পানী চৰ্দি আৰু কাহত অতি উপকাৰী ৷ ইয়াৰ ফলত কফ আৰু পিত্ত দুয়োটা দোষৰ পৰা সকাহ পোৱা যায় ৷ কাহৰ পৰাও ইয়াৰ দ্বাৰা যথেষ্ট সকাহ পোৱা যায় ৷ পাণে মুখৰ গোন্ধ আঁতৰ কৰাৰ লগতে পৰিষ্কাৰ কৰি ৰখাত সহায় কৰে। সৰু এই পাণত বহু স্বাস্থ্যসন্মত গুণ থাকে। বতৰৰ পৰিৱৰ্তনৰ ফলত বিভিন্ন স্বাস্থ্যজনিত সমস্যাই দেখা দিয়ে। পাণত এন্টিঅক্সিডেন্ট আৰু এন্টি-ইনফ্লেমেটৰী গুণ থাকে। যিয়ে শ্বাসনলীত প্ৰদাহ কম কৰাত সহায় কৰে। গৰম পানীত পাণ উতলাই ইয়াৰ ভাপ ললে কফ ঢিলা গৈ উশাহ-নিশাহ ভাল হয়।পাণ পাতৰ পানীয়ে ডায়েবেটিছ ৰোগীৰ শৰীৰত ৰক্ত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে ৷ গতিকে ডায়েবেটিছ ৰোগীয়ে এই পানী খাব লাগিব ৷যদি আপুনি বমি, ডায়েৰিয়াৰ সমস্যাত ভুগিছে, তেন্তে সিজোৱা পাণৰ পানী এই ক্ষেত্ৰতো উপকাৰী হ’ব ৷ এই পানীয়ে আমাৰ পাচন শক্তিক সুষম কৰি ৰখাত সহায় কৰে, যাৰ ফলত আমাৰ পাচন শক্তি সুস্থ হৈ থাকে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *