শনিবাৰে সৰুসজাই ক্ৰীড়া প্ৰকল্পত সামৰণি পৰা ৪৯ সংখ্যক সদৌ অসম অনুৰ্ধ-১৫ আৰু অনুৰ্ধ-৯ অপেন তথা ছোৱালীৰ আন্তঃজিলা ডবা প্ৰতিযোগিতা ২০২৬-ত গুৱাহাটীৰ হৰ্ষদ্বীপ ডেকা আৰু হৃদিকা দাসে ক্ৰমে অনুৰ্ধ-১৫ অপেন আৰু অনুৰ্ধ-১৫ ছোৱালীৰ শাখাত চেম্পিয়নৰ খিতাপ অৰ্জন কৰে।সদৌ অসম ডবা সন্থাৰ উদ্যোগত আয়োজিত এই তিনিদিনীয়া প্ৰতিযোগিতাখন ২৯ মে’ৰ পৰা ৩১ মে’লৈকে অনুষ্ঠিত হৈছিল। ইয়াত ৰাজ্যৰ ২০ খন অনুমোদিত জিলা ডবা সন্থাৰ প্ৰায় ২৮০ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল।প্ৰতিযোগিতাৰ ফলাফলসমূহ অনুৰ্ধ-১৫ অপেন শাখা: হৰ্ষদ্বীপে প্ৰথম স্থান লাভ কৰাৰ বিপৰীতে কাছাৰৰ ভাৰ্গৱ দেৱনাথে দ্বিতীয় স্থান লাভ কৰে। যোৰহাটৰ বোধিসত্ব ভৌমিক আৰু কাছাৰৰ মনদীপ ধৰে ক্ৰমে তৃতীয় আৰু চতুৰ্থ স্থান লাভ কৰে। অনুৰ্ধ-১৫ ছোৱালীৰ শাখা: দৰঙৰ সুজেইন আহমেদ, যোৰহাটৰ মেইলিন বৰুৱা আৰু শোণিতপুৰৰ মুগ্ধা কেওটক পিছ পেলাই হৃদিকাই অনুৰ্ধ-১৫ ছোৱালীৰ খিতাপ দখল কৰে। অনুৰ্ধ-৯ অপেন শাখা: ডিব্ৰুগড়ৰ হৰ্ষবৰ্ধন হাজৰিকা চেম্পিয়ন হিচাপে উভতি আহে। মৰিগাঁৱৰ ধ্ৰুৱম শৰ্মাই দ্বিতীয় স্থান লাভ কৰাৰ বিপৰীতে গুৱাহাটীৰ ৰিয়ান নবীশ আৰু চৰাইদেউৰ চৌ ৰুদ্ৰাংশু প্ৰাণ গগৈয়ে ক্ৰমে তৃতীয় আৰু চতুৰ্থ স্থান লাভ কৰে। অনুৰ্ধ-৯ ছোৱালীৰ শাখা: শোণিতপুৰৰ আদ্ৰিজা কলিতাই অনুৰ্ধ-৯ ছোৱালীৰ খিতাপ অৰ্জন কৰে। গুৱাহাটীৰ সানভী কাশ্যপ, কাছাৰৰ ত্ৰয়ী ৰয় আৰু নলবাৰীৰ প্ৰীতিশা কাশ্যপে শীৰ্ষ চাৰিটা স্থান সম্পূৰ্ণ কৰে। ভাৰতৰ জুনিয়ৰ নম্বৰ ১ টেবুল টেনিছ খেলুৱৈ প্ৰিয়ানুজ ভট্টাচাৰ্যই মুখ্য অতিথি হিচাপে বঁটা বিতৰণী অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই প্ৰতিযোগিতাখন আগন্তুক ৰাষ্ট্ৰীয় ডবা প্ৰতিযোগিতাৰ বাবে অসম দলৰ বাছনি প্ৰক্ৰিয়া হিচাপেও গণ্য কৰা হৈছিল। Share this:FacebookX Related Post navigation হত্যাকাৰীৰ বিৰুদ্ধে অপৰাধীয়ে ভয় খাব পৰা আইন প্ৰণয়নৰ দাবী; আছু নেতা মাধুৰ্য বৰ্মনৰ বাসগৃহত ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য বিজেপিৰ বিৰুদ্ধে ‘ৰাজনৈতিক সন্ত্ৰাসবাদ’ৰ অভিযোগ; কলকাতাত প্ৰতিবাদ সাব্যস্ত মমতা বেনাৰ্জীৰ