নিউজউইকে একেৰাহে ৬ বছৰ ধৰি ভাৰতৰ শ্ৰেষ্ঠ ব্যক্তিগত চিকিৎসালয় হিচাপে স্বীকৃতি প্ৰদান কৰা গুৰগাঁওস্থিত মেদাণ্ট–  মেডিচিটীয়ে ২০২৫ চনৰ ২৭ জুনত কহিমাত ৩ দিনীয়া বহুবিশেষ চিকিৎসা শিবিৰৰ সমাপ্তি ঘটিছে। নাগালেণ্ড চৰকাৰৰ সহযোগত আয়োজিত এই পদক্ষেপে স্বাস্থ্যসেৱা উন্নত কৰাৰ লক্ষ্যৰে ৪০০ৰো অধিক ব্যক্তিক বিনামূলীয়া স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰে, যিয়ে উত্তৰ-পূব ৰাজ্যৰ পিছপৰা বা সুবিধাবঞ্চিত অঞ্চলত বিশেষ-অনন্য স্বাস্থ্যৰ সুবিধা প্ৰদান কৰিলে।

এই স্বাস্থ্য শিবিৰ ৩টা স্থানত অনুষ্ঠিত হৈছিল: আইডিএএন কেপিটেল কনভেনচন চেণ্টাৰ, উদ্যোগ আৰু বাণিজ্য কাৰ্যালয় সঞ্চালকালয় আৰু নাগালেণ্ড আৰক্ষী মুখ্য কাৰ্যালয়। উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত আছিল নাগালেণ্ড বিধানসভাৰ অধ্যক্ষ শ্বেৰিংয়েন লংকুমাৰ, উদ্যোগ সঞ্চালক পি টোকুঘা ছেমা আৰু ৰাজ্যখনৰডিজিপি ৰূপিন শৰ্মা।

মুখ্যমন্ত্ৰীৰ স্বাস্থ্য বীমা আঁচনিৰ অধীনত মেডাণ্ট আৰু নাগালেণ্ড চৰকাৰৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তিৰ পিছতে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। স্বাস্থ্যসেৱাৰ ব্যৱধান—বিশেষকৈ ধঁপাত সেৱনৰ বাবে কৰ্কট ৰোগৰ অধিক পৰিসংখ্যা পোহৰলৈ আহিছে। মেডাণ্টৰ অধ্যক্ষ ডাঃ নৰেশ ট্ৰেহানে এই বিষয়ত জোৰ দি কয় যে, “গুণগত স্বাস্থ্যসেৱা বিশেষাধিকাৰ নহয়, অধিকাৰ হোৱা উচিত।”

উত্তৰ-পূব ভাৰতৰ এক প্ৰধান স্বাস্থ্যসেৱা কেন্দ্ৰ হিচাপে গুৱাহাটী মহানগৰখনে প্ৰায়ে নাগালেণ্ডৰ বাসিন্দাসকলৰ বাবে বিশেষ চিকিৎসাৰ বাবে নিকটতম কেন্দ্ৰ হিচাপে কাম কৰি আহিছে।  এই শিবিৰৰ সফলতাই উন্নত ৰোগ নিৰ্ণয় আৰু যত্নৰ বাবে সঘনাই গুৱাহাটী চিকিৎসালয়লৈ প্ৰেৰণ কৰা ৰোগীসকলৰ ওপৰত চিকিৎসা ভ্ৰমণৰ বোজা হ্ৰাস কৰিব বুলি আশা কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *