কৰুৰ পদপিষ্ট কাণ্ডত নিহতসকলৰ পৰিয়ালক চৰকাৰী সংস্থাপন দিয়াৰ তামিলনাডু চৰকাৰৰ সিদ্ধান্তৰ ওপৰত অৱশেষত স্থগিতাদেশ জাৰি কৰিলে মাদ্ৰাজ উচ্চ ন্যায়ালয়ে। চৰকাৰৰ এই সিদ্ধান্ত বাতিল কৰি আদালতে উল্লেখ কৰে যে, এনে পদক্ষেপে একে ধৰণৰ অসংখ্য দাবীৰ পথ মুকলি কৰিব আৰু সংবিধানৰ সমতাৰ নীতিও উলংঘা কৰিব। মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ মাদুৰাই খণ্ডপীঠে সোমবাৰে এই ৰায়দান কৰে। ন্যায়াধীশ চি ভি কাৰ্তিকেয়ন আৰু ন্যায়াধীশ আৰ শক্তিভেলৰ খণ্ডপীঠে উল্লেখ কৰা মতে, চৰকাৰে জাৰি কৰা এই নিৰ্দেশ সংবিধানৰ ১৪ আৰু ১৬ নং অনুচ্ছেদৰ সৈতে সংগতিপূৰ্ণ নহয়। আদালতে উল্লেখ কৰা মতে, বিভিন্ন চৰকাৰী বিভাগত ইতিমধ্যে বহু পৰিয়াল দয়া-আধাৰিত সংস্থাপনৰ বাবে অপেক্ষা কৰি আছে। তেনে অৱস্থাত কেৱল এটা বিশেষ ঘটনাৰ ভুক্তভোগীৰ পৰিয়ালক অগ্ৰাধিকাৰ দি সংস্থাপন দিয়াটো ন্যায়সংগত হ’ব নোৱাৰে। আদালতে লগতে কয় যে, সংবিধানৰ ১৬২ নং অনুচ্ছেদৰ অধীনত চৰকাৰে প্ৰশাসনিক ক্ষমতা ব্যৱহাৰ কৰিব পাৰে যদিও সেই ক্ষমতা সংবিধানৰ সীমাৰ ভিতৰতে প্ৰয়োগ কৰিব লাগিব। খণ্ডপীঠে উল্লেখ কৰা মতে, যদি এই ক্ষেত্ৰত দয়া-আধাৰিত সংস্থাপনৰ অনুমতি দিয়া হয়, তেন্তে আতচবাজীৰ দুৰ্ঘটনা, পথ দুৰ্ঘটনা বা চৰকাৰী গাফিলতিৰ ফলত সংঘটিত আন বহু ঘটনাৰ ভুক্তভোগীৰ পৰিয়ালেও একে দাবী উত্থাপন কৰিব। পূৰ্বৰ তেনে ঘটনাসমূহত ক্ষতিপূৰণহে প্ৰদান কৰা হৈছিল, চৰকাৰী সংস্থাপন নহয়। প্ৰণিধানযোগ্য যে, তামিলনাডুৰ মুখ্যমন্ত্ৰী চি জোচেফ বিজয়ে চলিত মাহৰ আৰম্ভণিতে কৰুৰ ভ্ৰমণ কৰি পদপিষ্ট কাণ্ডত নিহত ৩২ জনৰ পৰিয়ালৰ সদস্যক চৰকাৰী সংস্থাপনৰ নিযুক্তিপত্ৰ প্ৰদান কৰিছিল। উল্লেখযোগ্য যে, ২০২৫ চনৰ ২৭ ছেপ্টেম্বৰত কৰুৰত থালাপতি বিজয়ৰ দল টিভিকেৰ সমাৱেশত সংঘটিত হোৱা পদপিষ্ট ঘটনাত ৪১ জন লোকৰ মৃত্যু হৈছিল আৰু ৬০ জনতকৈ অধিক লোক আহত হৈছিল। চৰকাৰী সূত্ৰই জানিবলৈ দিয়া মতে, মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ এই ৰায়ৰ বিৰুদ্ধে তামিলনাডু চৰকাৰে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সম্ভাৱনা আছে। Share this:FacebookX Related Post navigation বোম্বে উচ্চ ন্যায়ালয়ৰ সেউজ সংকেত; মেটা, গুগল, এক্সৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিব নীতিন গাডকাৰীয়ে