ভাৰতীয় বায়ুসেনাত নিযুক্তি লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হ’ল ৰাজ্যখনৰ যুৱক কে নীৰজ চন্দ্ৰ সিংহই। শেহতীয়াকৈ ভাৰতীয় বায়ুসেনাৰ বতৰ বিজ্ঞান শাখাত ফ্লাইং অফিচাৰ হিচাপে নিযুক্তি লাভ কৰে গোৱালপাৰা সৈনিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰগৰাকীয়ে।

তেলেংগানাৰ ডুণ্ডিগলস্থিত বায়ুসেনা একাডেমীত অনুষ্ঠিত সংযুক্ত স্নাতক সমাৰোহত তেওঁ দায়িত্ব গ্ৰহণ কৰে। এই নিযুক্তিৰে ভাৰতীয় বায়ুসেনাৰ বিষয়া হিচাপে আৰম্ভ হয় তেওঁৰ নতুন কৰ্মজীৱন।

উল্লেখ্য যে, অসমতে জন্ম আৰু ডাঙৰ-দীঘল হোৱা নীৰজে শৈশৱৰ পৰাই দেশসেৱাৰ লক্ষ্য লৈ আগবাঢ়িছিল। গোৱালপাৰা সৈনিক বিদ্যালয়ত অধ্যয়নকালত সশস্ত্ৰ বাহিনীত যোগদানৰ আগ্ৰহ গঢ় লৈ উঠিছিল তেওঁৰ। বিদ্যালয়খনত অধ্যয়ন কৰা জ্যেষ্ঠ ছাত্ৰ আৰু প্ৰাক্তন শিক্ষাৰ্থীসকলৰ সাফল্যই তেওঁক এই পথত আগুৱাই যোৱাত অনুপ্ৰাণিত কৰিছিল।

পৰৱৰ্তী সময়ত অভিযান্ত্ৰিক শাখাত স্নাতক ডিগ্ৰী লাভ কৰে নীৰজে। নীৰজে কয়, “দেশসেৱাৰ সপোন বহু সৰু বয়সৰ পৰাই দেখিছিলোঁ। সেই লক্ষ্যত উপনীত হ’বলৈ দীৰ্ঘদিন ধৰি প্ৰস্তুতি চলাইছোঁ।”

তেওঁ লগতে কয়, “প্ৰস্তুতিৰ সময়ছোৱাত বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলোঁ যদিও কেতিয়াও লক্ষ্যৰ পৰা আঁতৰি যোৱা নাছিলোঁ। পিতৃ-মাতৃ, শিক্ষক আৰু শুভাকাংক্ষীসকলৰ সমৰ্থনেই মোক আগবাঢ়ি যাবলৈ শক্তি যোগাইছে।”

By Tarali

Leave a Reply

Your email address will not be published. Required fields are marked *