ৰাজ্যত এতিয়াৰে পৰা ১৮ বছৰৰ ওপৰৰ যিকোনো ব্যক্তিৰ বাবে নতুন আধাৰ কাৰ্ড প্রদান সম্পূৰ্ণৰূপে বন্ধ কৰাৰ বাবে আজিৰ কেবিনেট সিদ্ধান্ত গ্রহণ কৰে। কাৰণ ৰাজ্যখনত ইতিমধ্যে ১৮ বছৰৰ ঊৰ্ধৰ জনসংখ্যাৰ প্রায় ১০০ শতাংশই আধাৰ লাভ কৰিছে। অৱশ্যে ১৮ বছৰৰ তলৰ ল’ৰা-ছোৱালীৰ বাবে এই নিয়ম প্রযোজ্য নহ’ব আৰু যদি ১৮ বছৰৰ ওপৰৰ কোনো ব্যক্তিৰ বাবে ব্যতিক্ৰমী পৰিস্থিতিত আধাৰৰ প্ৰয়োজন হয়, তেন্তে জিলা আয়ুক্তই ৰাজ্য চৰকাৰৰ পৰা বিশেষ অনুমতি ল’ব লাগিব। অৱশ্যে চাহ জনজাতি আৰু অনুসূচিত জাতি, অনুসূচিত জনজাতি সম্প্ৰদায়ৰ লোকসকলৰ বাবে ছমাহৰ এক বিশেষ ৰেহাই দি ২০২৭ চনৰ মাৰ্চ মাহলৈকে আধাৰ কাৰ্ড প্ৰদানৰ প্ৰক্ৰিয়াটো বাহাল ৰখা হ’ব, কিন্তু ১ এপ্রিল ২০২৭-ৰ পৰা তেওঁলোকৰ ক্ষেত্ৰতো ১৮ বছৰৰ ওপৰৰ হ’লে এই সুবিধা বন্ধ হ’ব। Share this:FacebookX Related Post navigation জালুকবাৰী সমষ্টিৰ ৰাণী চাপৰিত কৃষি কৰ্মৰে নিদৰ্শন দেখুৱাইছে ধাৰাপুৰ ধোপৰতলৰ সাতজনীয়া শিক্ষিত যুৱকৰ দলে অসমৰ যুৱকৰ সাফল্য; ভাৰতীয় বায়ুসেনাত নিযুক্ত ফ্লাইং অফিচাৰ কে নীৰজ চন্দ্ৰ সিংহ