বিশ্বৰ মচলাৰ মানদণ্ড নিৰ্ধাৰণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে চিহ্নিত কৰি গুৱাহাটীৰ মছলা আৰু ৰন্ধন উদ্ভিদ সম্পৰ্কীয় কোডেক্স কমিটীৰ (চিচিএছচিএইচ৮) অষ্টম অধিৱেশনৰ সফলতাৰে সমাপ্তি ঘটিছে। এই অধিৱেশনৰ এটা মুখ্য বিশেষত্ব আছিল বৃহৎ ইলাচী, ভেনিলা আৰু ধনিয়াৰ বাবে তিনিটা নতুন মানদণ্ড চূড়ান্ত কৰা, যিবোৰ এতিয়া কোডেক্স এলিমেণ্টেৰিয়াছ কমিছনে গ্ৰহণ কৰাৰ বাবে পৰামৰ্শ দিছে। ভাৰতৰ আহ্বানত ২০১৩ চনত স্থাপিত মছলা আৰু ৰন্ধন গছ সম্পৰ্কীয় কোডেক্স কমিটীয়ে এফএঅ’ আৰু ডব্লিউএইচঅ’ৰ যুটীয়া সংস্থা কোডেক্স এলিমেণ্টাৰিয়াছ কমিছনৰ অধীনত কাম কৰে। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ অধীনত মছলা ব’ৰ্ডৰ দ্বাৰা প্ৰতিনিধিত্ব কৰা ভাৰতে কমিটীৰ সচিবালয় হিচাপে কাম কৰি মছলা আৰু ৰান্ধনী বনৌষধিৰ বিশ্বব্যাপী মানদণ্ড গঢ় দিয়াত প্ৰধান ভূমিকা পালন কৰে। চলিত অধিবেশনত তিনিটা নতুন মানদণ্ড চূড়ান্ত কৰাৰ লগে লগে মছলা আৰু ৰান্ধনী বনৌষধি কমিটীয়ে জলকীয়া, হালধি, জিৰা, জাইফল, ইলাচি, কেশৰকে ধৰি ১৯বিধ মছলাৰ মানদণ্ড চূড়ান্ত কৰিছে।

বিশেষকৈ, সোৱাদ ৰসায়ন আৰু সংসাধনৰ ভিন্নতাৰ কাৰিকৰী জটিলতাৰ বাবে একাধিক অধিৱেশনত ভেনিলাৰ মানদণ্ডৰ বিষয়ে আলোচনা কৰা হৈছিল।  “কোডেক্সত এতিয়া প্ৰতিষ্ঠিত একেধৰণৰ মানদণ্ডৰে বিশ্বজুৰি ডাঙৰ আকাৰৰ ইলাচী, ভেনিলা আৰু ধনিয়াৰ কৃষক, সংসাধক আৰু ৰপ্তানিকাৰীসকলে বিশ্বব্যাপী গ্ৰহণযোগ্য ৰেফাৰেন্স পইণ্ট লাভ কৰিব, যিয়ে তেওঁলোকক অধিক স্পষ্টতা আৰু আত্মবিশ্বাসৰে কাম কৰিবলৈ সক্ষম কৰি তুলিব, যাৰ ফলত বিশ্বৰ গ্ৰাহকসকলও উপকৃত হ’ব “, স্পাইছ বৰ্ডৰ সচিব পি. হেমলতাই এইদৰে কয়।

আনহাতে, কোডেক্স এলিমেণ্টাৰিয়াছ আয়োগৰ জ্যেষ্ঠ খাদ্য সুৰক্ষা বিষয়া ডাঃ হিল্ডে ক্ৰুজে এই বিষয়ে কয় যে, “চিচিএছচিএইচৰ ৮ম অধিৱেশনত ৩০খন দেশ আৰু পৰ্যবেক্ষকে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল আৰু ই বিশ্বৰ মচলা ব্যৱসায়ত মানদণ্ড, সুৰক্ষা আৰু সত্যতা নিশ্চিত কৰাৰ গুৰুত্ব সম্পৰ্কে বৰ্ধিত আন্তঃৰাষ্ট্ৰীয় সজাগতা প্ৰতিফলিত কৰে।” ।  চিচিএছচিএইচ-ৰ সচিবালয় হিচাপে, স্পাইচেছ বৰ্ড ইণ্ডিয়াই অধিৱেশনখন আয়োজন কৰা, অংশগ্ৰহণৰ সমন্বয় সাধন কৰা, কাৰ্যকৰী নথি প্ৰস্তুত কৰা আৰু কোডেক্স প্ৰক্ৰিয়া অনুসৰণ নিশ্চিত কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *