দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰতিভাৱান যুৱ খেলুৱৈৰ অংশগ্ৰহণেৰে মঙলবাৰে যোৰহাট টেনিছ ক্লাবত ‘গাট্টানি প্লাই-যোৰহাট এছিয়ান জুনিয়ৰ ট্যুৰ ১৬ বছৰ অনুৰ্ধ টেনিছ চেম্পিয়নশ্বিপ ২০২৬’ আৰম্ভ হৈছে। এছিয়ান টেনিছ ফেডাৰেচনৰ তত্ত্বাৱধানত এই প্ৰতিযোগিতাখন আয়োজন কৰা হৈছে। প্ৰতিযোগিতাখনৰ মুখ্য পৃষ্ঠপোষক তথা গাট্টানি প্লাইৰ স্বত্বাধিকাৰী মাখন লাল গাট্টানিয়ে উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। যোৰহাট টেনিছ ক্লাবৰ সভাপতি অনিমেষ বৰুৱাই তেওঁক আদৰণি জনায় আৰু প্ৰতিযোগিতাখনৰ বাবে যোৰহাটলৈ অহা খেলুৱৈ, অভিভাৱক তথা বিষয়াসকলকো শুভেচ্ছা জ্ঞাপন কৰে।
সৰ্বভাৰতীয় টেনিছ সন্থাৰ উপ-সভাপতি তথা সদৌ অসম টেনিছ সন্থাৰ সভাপতি ৰক্তিম শইকীয়াও উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে। সমবেত ৰাইজক উদ্দেশ্যি ভাষণ প্ৰদান কৰি গাট্টানিয়ে খেলুৱৈসকলক সাহস, আত্মবিশ্বাস আৰু ক্ৰীড়াসুলভ মনোভাৱেৰে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’বলৈ আহ্বান জনায়। তেওঁ যুৱ খেলুৱৈসকলক কোৰ্টত নিজৰ শ্ৰেষ্ঠত্ব উজাৰি দি নিৰ্ভীক আৰু নিকাভাৱে খেলিবলৈ উৎসাহিত কৰে।
প্ৰতিযোগিতাখন টুৰ্ণামেণ্ট পৰিচালক শান্তনু ঠাকুৰৰ তত্ত্বাৱধানত পৰিচালিত হৈছে। চেম্পিয়নশ্বিপৰ ফাইনেল খেলসমূহ ১৫ মে’ত যোৰহাট টেনিছ ক্লাবত অনুষ্ঠিত হ’ব।

By Tarali

Leave a Reply

Your email address will not be published. Required fields are marked *