বানৰ আগতীয়া সতৰ্কীকৰণৰ বাবে উপগ্ৰহভিত্তিক তথ্য লাভৰ ব্যৱস্থা থকাৰ পাছতো বানাক্ৰান্ত জিলাসমূহে সময়মতে সতৰ্কবাণী কিয় নাপায়, সেই লৈ প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে। লোকসভাত ৫ আগষ্টত গগৈয়ে উত্থাপন কৰা প্ৰশ্নৰ লিখিত উত্তৰত কেন্দ্ৰই ব্ৰহ্মপুত্ৰ অৱবাহিকাৰ বান পৰিস্থিতি ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই প্ৰায় তাৎক্ষণিকভাৱে নিৰীক্ষণ কৰা বুলি সদৰি কৰে।

কেন্দ্ৰৰ উত্তৰ অনুসৰি, উপগ্ৰহৰ তথ্য সংগ্ৰহৰ ৫-৬ ঘণ্টাৰ ভিতৰতে বানৰ পানীয়ে প্লাৱিত কৰা অঞ্চলৰ মানচিত্ৰ আৰু আন তথ্য অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ ওচৰ পায়। ২০২৫ চনৰ বাৰিষাত ৪৫খন এনে মানচিত্ৰ আৰু তথ্য যোগান ধৰাৰ বিপৰীতে ২০২৬ চনৰ ২৮ জুলাইলৈকে ৩৩টা তথ্য যোগান ধৰা হৈছে।

কিন্তু এই ব্যৱস্থা থকাৰ পাছতো ১৯ জুলাইত শিৱসাগৰত সংঘটিত আকস্মিক বানৰ পূৰ্বে কোনো সতৰ্কবাণী কিয় জাৰি নহ’ল, সেই লৈ প্ৰশ্ন তোলে গৌৰৱ গগৈয়ে। গগৈয়ে কয়, “কেন্দ্ৰীয় চৰকাৰে নিশ্চিত কৰিছে যে ব্ৰহ্মপুত্ৰ অৱবাহিকাৰ বান পৰিস্থিতিৰ প্ৰায় তাৎক্ষণিক নিৰীক্ষণ কৰা হয় আৰু ৫-৬ ঘণ্টাৰ ভিতৰতে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে তথ্য লাভ কৰে। কিন্তু শিৱসাগৰৰ উপায়ুক্তই কৈছে যে ১৯ জুলাইৰ আকস্মিক বানৰ সময়ত প্ৰস্তুতিৰ বাবে জিলাখনৰ হাতত মাত্ৰ প্ৰায় তিনি ঘণ্টাহে আছিল। কোনো আগজাননীও দিয়া হোৱা নাছিল। উপলব্ধ বান নিৰীক্ষণৰ তথ্যই সময়মতে সতৰ্কবাণী আৰু প্ৰস্তুতিৰ ব্যৱস্থা কিয় কৰিব নোৱাৰিলে, চৰকাৰে ইয়াৰ উত্তৰ দিব লাগিব।”

উল্লেখ্য যে, কেন্দ্ৰই লোকসভাত জনোৱা অনুসৰি বানৰ তথ্য প্ৰস্তুত কৰাত ইঅ’এছ-০৪, ৰিছাট-১এ, ৰিছ’ৰ্চছেট-২, ৰিছ’ৰ্চছেট-২এ, কাৰ্ট’ছেট-২ই আৰু কাৰ্ট’ছেট-৩ উপগ্ৰহৰ তথ্য ব্যৱহাৰ কৰা হয়। অসমত ১৯ জুলাইৰ আকস্মিক বানত শিৱসাগৰ, যোৰহাট, গোলাঘাট আৰু চৰাইদেউ জিলাকে ধৰি উজনি অসমৰ বিস্তৃত অঞ্চল ক্ষতিগ্ৰস্ত হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *