প্ৰায় দুসপ্তাহ ধৰি ব্যাহত হৈ থকা উজনি অসমৰ ৰে’ল যোগাযোগ পুনৰ স্বাভাৱিক কৰাৰ দিশে আগবাঢ়িছে উত্তৰ-পূব সীমান্ত ৰে’লৱে। বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ পিছত সেৱা পুনৰ আৰম্ভ কৰা হৈছে যদিও ৰে’লপথৰ কাষত আশ্ৰয় লৈ থকা বানাক্ৰান্ত লোকসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰথম পৰ্যায়ত কেৱল ডিজেল ইঞ্জিনচালিত ৰে’ল চলোৱাৰ সিদ্ধান্ত লৈছে ৰে’লৱে কৰ্তৃপক্ষই।

উত্তৰ-পূব সীমান্ত ৰে’লৱেই প্ৰকাশ কৰা অনুসৰি, বানাক্ৰান্ত অঞ্চলৰ বহু স্থানীয় বাসিন্দা, শিশু, পশুধন আৰু সামগ্ৰী এতিয়াও ৰে’লপথৰ ওপৰত অথবা কাষত আশ্ৰয় লৈ আছে। এনে পৰিস্থিতিত বৈদ্যুতিক ৰে’ল চলালে বিদ্যুৎস্পৃষ্ট হোৱাৰ আশংকা থাকিব পাৰে। সেইবাবেই পৰিস্থিতি স্বাভাৱিক নোহোৱালৈকে সুৰক্ষামূলক ব্যৱস্থা হিচাপে ডিজেল ইঞ্জিনেৰে ৰে’ল চলোৱা হ’ব।

ৰে’লৱেৰ মহাপ্ৰবন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে বানত ক্ষতিগ্ৰস্ত অংশসমূহ পৰিদৰ্শন কৰি ৰে’লপথ, দলং আৰু অন্যান্য আন্তঃগাঁথনিৰ অৱস্থা পৰীক্ষা কৰে। ইয়াৰ পিছতে প্ৰায় দুসপ্তাহ ধৰি ব্যাহত হৈ থকা শিৱসাগৰ জিলাৰ ৰে’ল যোগাযোগ পুনৰ স্থাপন কৰা হয়। বৃহস্পতিবাৰে বিয়লিৰ পৰা উজনি অসমৰ কিছু অংশত সীমিতভাৱে ৰে’ল সেৱাও আৰম্ভ হৈছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে ছেলেংহাট-আমগুৰি-শিমলুগুৰি-শিৱসাগৰ চহৰ সংযোগী বানত ক্ষতিগ্ৰস্ত ৰে’লপথ পুনৰ কাৰ্যক্ষম হোৱা বুলি সদৰি কৰে। ইয়াৰ ফলত লামডিং আৰু শিৱসাগৰৰ মাজেৰে গুৱাহাটী-ডিব্ৰুগড়ৰ পোনপটীয়া ৰে’ল সেৱা পুনৰ আৰম্ভ কৰিব পৰা যাব। নাগালেণ্ড এক্সপ্ৰেছ, গুৱাহাটী-লিডো-গুৱাহাটী ইণ্টাৰচিটি এক্সপ্ৰেছ, লামডিং-তিনিচুকীয়া-লামডিং ডিইএমইউ আৰু তিনিচুকীয়া-যোৰহাট টাউন যাত্ৰীবাহী ৰে’ল মৰাণহাট হৈ চলিব।

অৱশ্যে দূৰণিৱতীয়া ৰে’লসমূহ এতিয়াও উত্তৰ লখিমপুৰ, ৰঙাপৰা আৰু উত্তৰ ৰঙিয়াৰ বিকল্প পথেৰে চলিব। যাত্ৰীসকলৰ যোগাযোগ অব্যাহত ৰাখিবলৈ বিশেষ ৰে’ল সেৱাও নিয়মীয়াকৈ চলি আছে। ইফালে ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও সংকটজনক হৈ আছে। ১৫খন জিলাত ১.৬৮ লাখৰো অধিক লোক বানত ক্ষতিগ্ৰস্ত হৈ থকাৰ লগতে ১৩৩টা সাহায্য শিবিৰ আৰু সাহায্য বিতৰণ কেন্দ্ৰত প্ৰায় ৪৫ হাজাৰ লোকে আশ্ৰয় লৈ আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *