অসমৰ বানত আশ্ৰয়হীন লোকসকলৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে আলিয়া ভাট আৰু ছলমান খান । অভিনেত্ৰী আলিয়া ভাটে অসমৰ ভয়াৱহ বানৰ বিৰুদ্ধে মাত মাতিছে আৰু লোকসকলক সহায় কৰিবলৈ অনুৰোধ জনাইছে । জনপ্ৰিয় অভিনেতা ছলমান খানে বানপীড়িত পৰিয়ালসমূহৰ বাবে সহায়ৰ হাত আগবঢ়াইছে । বানে জুৰুলা কৰা অসমৰ কাষত থিয় দিছে বলীউডৰ কেইবাজনো তাৰকা । অভিনেত্ৰী আলিয়া ভাটে বানৰ সজাগতা বৃদ্ধি কৰাৰ লগতে লোকসকলক সহায় কৰিবলৈ আহ্বান জনাইছে । আনহাতে, অভিনেতা ছলমান খানে তেওঁৰ বেচৰকাৰী সংস্থা ‘বিইং হিউমেন’ (Being Human)-ৰ জৰিয়তে প্ৰত্যক্ষভাৱে পৰ্যায়ক্ৰমে বানসাহায্য অভিযান আৰম্ভ কৰিছে ।সামাজিক মাধ্যমত এক আৱেগিক বাৰ্তা শ্বেয়াৰ কৰি আলিয়া ভাটে অসমৰ বানৰ ভয়াৱহতা আৰু ইয়াৰ ফলত বিপৰ্যস্ত হোৱা জনজীৱনৰ ছবিখন দাঙি ধৰিছে । তেওঁ লিখিছে, “এই মুহূৰ্তত আমাৰ দেশৰ বহু ঠাই বানপানীত আক্ৰান্ত হৈছে, যাৰ ভিতৰত অসম আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে আৰু এক কঠিন সময়ৰ সন্মুখীন হৈছে । ৬০ জনতকৈও অধিক লোকে প্ৰাণ হেৰুৱাইছে । লাখ লাখ মানুহ গৃহহীন হৈ পৰিছে । সমগ্ৰ পৰিয়ালে নিজৰ ঘৰ-দুৱাৰ, মাটি-ভেটি, পশুধন… আৰু বহুতে নিজৰ আপোনজনকো হেৰুৱাই পেলাইছে ।” Share this:FacebookX Related Post navigation ২০টা অ’টিটি প্লেটফৰ্ম আৰু আনলিমিটেড ৫জি সুবিধাসম্পন্ন ২০০ টকীয়া মনোৰঞ্জন পেক মুকলি ভি-ৰ আমেৰিকাৰ ঘাটিত ইৰাণে বেলিষ্টিক মিছাইল নিক্ষেপ