প্ৰতি বছৰে এই বানপানীৰ ফলত বহু পৰিয়াল সম্পত্তিৰ ক্ষতি হয় লগতে ঘৰ দুৱাৰ নোহোৱা হৈ পৰে। এতিয়া আমাৰ বানপানীৰ সৈতে মোকাবিলা কৰিবলৈ এক শক্তিশালী আৰু বহনক্ষম ব্যৱস্থা স্থাপন কৰাৰ সময়।৯ দিনে বানত বিধ্বস্ত উজনি অসমৰ বহু জিলা। এই পৰ্যন্ত মৃতকৰ সংখ্যা ৬৮ জনলৈ বৃদ্ধি পাইছে। বহু লোক সন্ধানহীনো হৈ আছে। ক্ষতিগ্ৰস্ত অঞ্চলসমূহত প্ৰশাসনে ৩৫০ তকৈও অধিক শিবিৰ আৰু সাহাৰ্য বিতৰণ কেন্দ্ৰ স্থাপন কৰিছে।শেহতীয়াকৈ এই বান পৰিস্থিতি সন্দৰ্ভত সামাজিক মাধ্যমত ৰাহুল গান্ধীয়ে কৰিছে পোষ্ট। তেওঁ সেই পোষ্টোত উল্লেখ কৰিছে যে, “অসমত বিধ্বংসী বানপানীত বহু লোক মৃত্যুমুখত পৰিছে। সচাঁকৈ এই খবৰ অত্যন্ত হৃদয়বিদাৰক। শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো। এই দুৰ্যোগত ক্ষতিগ্ৰস্ত লাখ লাখ লোকৰ প্ৰতি মোৰ আন্তৰিক সহানুভূতি। Share this:FacebookX Related Post navigation আগষ্টত পুনৰ কঁপি উঠিব ৰাজধানী দিল্লী এক মৰ্মান্তিক ঘটনা