ভাৰতৰ ফুটবল অনুৰাগীসকলৰ বাবে এটা ডাঙৰ সকাহৰ খবৰ। ১১ জুনৰ পৰা আৰম্ভ হ’বলগীয়া এই বৃহৎ প্ৰতিযোগিতাখনৰ মাত্ৰ ১০ দিন বাকী থকা অৱস্থাত, সোমবাৰে বিশ্ব ফুটবলৰ নিয়ন্ত্ৰক সংস্থা (ফিফা) আৰু ‘জি’ গ্ৰুপ এক চুক্তিত উপনীত হয়। ইয়াৰ ফলত ২০২৬ চনৰ ফিফা বিশ্বকাপ দেশখনত পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ’ব।আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু মেক্সিকোৱে যৌথভাৱে আয়োজন কৰা এই বিশ্বকাপখন জি এণ্টাৰটেইনমেণ্টৰ নতুনকৈ মুকলি কৰা ‘ইউনাইট৮ স্পৰ্টছ’ (Unite8 Sports) নেটৱৰ্কৰ জৰিয়তে দূৰদৰ্শনত পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ’ব। আনহাতে ইয়াৰ লাইভ ষ্ট্ৰীমিং ‘জি ৫’ (Zee 5) এপত উপলব্ধ হ’ব।২০২৬ চনৰ বিশ্বকাপ সম্প্ৰচাৰৰ এই চুক্তিখন ২০৩৪ চনলৈকে ভাৰতীয় দৰ্শকৰ বাবে ফিফাৰ প্ৰধান প্ৰতিযোগিতাসমূহ সামৰি লোৱা এটা বৃহৎ চুক্তিৰ অংশ। এই প্ৰতিযোগিতাসমূহৰ ভিতৰত মৰক্কো, পৰ্তুগাল আৰু স্পেইনৰ যৌথ আয়োজনত হ’বলগীয়া ২০৩০ চনৰ বিশ্বকাপো অন্তৰ্ভুক্ত আছে, যাৰ বিশেষ শতবৰ্ষ উদযাপনমূলক মেচসমূহ উৰুগুৱে, আৰ্জেণ্টিনা আৰু পেৰাগুৱেত অনুষ্ঠিত হ’ব। ইয়াৰ উপৰি ২০২৭ চনৰ মহিলা বিশ্বকাপো এই চুক্তিত অন্তৰ্ভুক্ত আছে।এক যুটীয়া বিবৃতিত কোৱা হৈছে, “ফিফা আৰু ‘জি’য়ে ২০২৬ চনৰ ফিফা বিশ্বকাপ আৰু ফিফাৰ অন্যান্য গুৰুত্বপূৰ্ণ প্ৰতিযোগিতাসমূহ ২০৩৪ চনলৈকে ভাৰতীয় দৰ্শকৰ বাবে লৈ অহাৰ চুক্তি ঘোষণা কৰিছে।”“এই অংশীদাৰিত্বৰ অধীনত মেচ আৰু ইয়াৰ সৈতে জড়িত অনুষ্ঠানসমূহ ‘জি’ৰ লিনিয়াৰ টেলিভিছন চেনেল (ইউনাইট৮ স্পৰ্টছ) আৰু ডিজিটেল প্লেটফৰ্ম (জি ৫)ৰ জৰিয়তে বহুভাষিকভাৱে প্ৰসাৰণ কৰা হ’ব। ইয়াৰ উদ্দেশ্য হৈছে ২০২৬ চনৰ ফিফা বিশ্বকাপকে ধৰি সমগ্ৰ ভাৰততে দৰ্শকৰ বাবে ইয়াৰ সহজলভ্যতা আৰু আকৰ্ষণ বৃদ্ধি কৰা।”এই চুক্তিৰ অধীনত, ‘জি’য়ে এই সময়ছোৱাত ৩৯খন ফিফা প্ৰতিযোগিতাৰ সম্প্ৰচাৰ কৰিব, যাৰ ভিতৰত পুৰুষ, মহিলা আৰু যুৱ প্ৰতিযোগিতাসমূহ অন্তৰ্ভুক্ত থাকিব। ইয়াত ফিফা অনুৰ্ধ-১৭ বিশ্বকাপ, ফিফা অনুৰ্ধ-২০ বিশ্বকাপ, ফিফা মহিলা অনুৰ্ধ-১৭ বিশ্বকাপ, ফিফা মহিলা অনুৰ্ধ-২০ বিশ্বকাপ, ফিফা ফুটছাল (Futsal) বিশ্বকাপ, আৰু ফিফা ইণ্টাৰকণ্টিনেণ্টেল কাপৰ লগতে ফিফা বিশ্বকাপৰ মূল প্ৰতিযোগিতাসমূহো অন্তৰ্ভুক্ত আছে। এই চুক্তিয়ে এই প্ৰতিযোগিতাসমূহৰ সৈতে জড়িত তথ্যচিত্ৰসমূহকো (documentary) সামৰি লৈছে।বিবৃতিটোত লগতে কোৱা হৈছে, “এই চুক্তিৰ জৰিয়তে ফিফাৰ লক্ষ্য হৈছে ভাৰতত নিজৰ প্ৰতিযোগিতাসমূহৰ প্ৰসাৰ বৃদ্ধি কৰা — যাৰ নেতৃত্বত থাকিব ২০২৬ চনৰ ফিফা বিশ্বকাপ — আৰু ‘জি’ৰ প্ৰতিষ্ঠিত সম্প্ৰচাৰ আৰু ডিজিটেল ব্যৱস্থাৰ সহায়ত ভাৰতৰ ক্ৰমান্বয়ে বৃদ্ধি পোৱা আৰু আবেগিক ফুটবল অনুৰাগীসকলৰ সৈতে সংযোগ স্থাপন কৰা।” – পিটিআই (PTI) Share this:FacebookX Related Post navigation ১-৪ৰ পৰা উভতি আহি ইতিহাস: কালিন্সকায়াৰ প্ৰথম ফ্ৰেন্স অপেন কোৱাৰ্টাৰ, ক’বলিৰো জয়